ETV Bharat / state

DU ragging case : বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় তদন্ত কমিটিৰ প্ৰতিবেদন দাখিলত পলম !

author img

By

Published : Dec 7, 2022, 2:16 PM IST

DU ragging case
বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় তদন্ত কমিটিৰ প্ৰতিবেদন দাখিলত পলম

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গঠন কৰি দিয়া উচ্চস্তৰীয় তদন্ত কমিটিয়ে দাখিল কৰিব পৰা নাই ৰেগিং কাণ্ডৰ প্ৰতিবেদন । অহা ২৫ ডিচেম্বৰলৈ প্ৰতিবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে (DU inquiry committee to submit report on Dec 25)। আদালতৰ অনুমতি পালে কাৰাগাৰত থকা ৬ গৰাকী ছাত্ৰৰ ভাষ্য গ্ৰহণ কৰা হ'ব ।

ডিব্ৰুগড়,৭ ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ সমগ্ৰ ৰাজ্যতে চাঞ্চল্য অব্যাহত আছে (DU ragging incident)। অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে ৰেগিং কাণ্ডক লৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াত অধিক তৎপৰতা দেখুৱাইছে । অৱশ্যে আৰক্ষীৰ সমান্তৰালকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও চলাই আছে তদন্ত । সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গঠন কৰি দিছিল এখন উচ্চস্তৰীয় কমিটি (DU high level inquiry committee)।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই উচ্চস্তৰীয় কমিটিক ৩ দিনৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু ঘটনাৰ ১০ দিন পাৰ হোৱাৰ পাছতো প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে উচ্চস্তৰীয় কমিটিয়ে । বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে জানিবলৈ দিয়া মতে ২৫ ডিচেম্বৰতহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় তদন্ত কমিটিয়ে দাখিল কৰিব পাৰিব প্ৰতিবেদন (DU inquiry committee to submit report on Dec 25)। তদন্তৰ সময়সীমা বঢ়োৱাৰ বাবে কমিটিয়ে বিশ্ববিদ্যালয় কৰ্তৃক্ষক আবেদন জনাইছিল ।

বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় তদন্ত কমিটিৰ প্ৰতিবেদন দাখিলত পলম

আবেদনৰ ভিত্তিত উপাচাৰ্য ড৹ জিতেন হাজৰিকাই ২৫ ডিচেম্বৰলৈ প্ৰতিবেদন দাখিলৰ সময়সীমা বঢ়াই দিছে । আনহাতে বিশ্ববিদ্যালয়খনৰ এন্টি ৰেগিং সমিতিয়ে কাৰাগাৰত থকা ৬ গৰাকী ছাত্ৰৰ ভাষ্য ল'বলৈ এতিয়ালৈ আদালতৰ অনুমতি পোৱা নাই । অনুমতি পালেই কাৰাগাৰত থকা ৬ গৰাকী ছাত্ৰৰ ভাষ্য গ্ৰহণ কৰা হ'ব বুলিও কয় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে । তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কোন দোষী কোন নিৰ্দোষী কৈ দিব নোৱাৰি বুলিও কয় পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে ।

ইফালে ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক পাঁচ দিনৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে (Rahul Chetry investigation)৷ ৰাহুল ছেত্ৰীয়ে নিজকে ৰেগিংকাণ্ডৰ লগত জড়িত নহয় বুলি দাবী কৰি আহিছে যদিও ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে বহুতো প্ৰমাণ লাভ কৰাৰ কথা ইতিমধ্যে সদৰী কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

মঙলবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই (SP Shetank Mishra) কোৱা মতে ৰেগিংকাণ্ডক লৈ যি ধৰণে তথ্য লাভ কৰা হৈছিল সেই অনুসৰি জেৰা কৰি থকা হৈছে ৷ জেৰাত যি সকলৰ নাম ওলাইছে সকলোকে তদন্তৰ মাজলৈ অনা হ'ব বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক :Rahul chetry in Police Custody: ডিব্ৰুগড় সদৰ থানাত ৰাহুলক মাৰাথন জেৰা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.