ETV Bharat / state

Rahul chetry in Police Custody: ডিব্ৰুগড় সদৰ থানাত ৰাহুলক মাৰাথন জেৰা আৰক্ষীৰ

author img

By

Published : Dec 6, 2022, 7:52 PM IST

SP of Dibrugarh reacts on Rahul Chetry investigations
Rahul chetry in Police Custody: ডিব্ৰুগড় সদৰ থানাত ৰাহুলক মাৰাথন জেৰা আৰক্ষীৰ

ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক পাঁচ দিনৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথন জেৰা চলাইছে (Rahul chetry investigation)৷

মৰাণ, 6 ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক পাঁচ দিনৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথন জেৰা চলাইছে (Rahul chetry investigation)৷ ৰাহুল ছেত্ৰীয়ে নিজকে ৰেগিংকাণ্ডৰ লগত জড়িত নহয় বুলি দাবী কৰি আহিছে যদিও ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে বহুতো প্ৰমাণ লাভ কৰাৰ কথা ইতিমধ্যে সদৰী কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

Rahul chetry in Police Custody: ডিব্ৰুগড় সদৰ থানাত ৰাহুলক মাৰাথন জেৰা আৰক্ষীৰ

মঙলবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই (SP Shetanga Mishra) কয় যে ৰেগিংকাণ্ডক লৈ যি ধৰণে তথ্য লাভ কৰা হৈছিল সেই অনুসৰি জেৰা কৰি থকা হৈছে ৷ জেৰাত যি সকলৰ নাম ওলাইছে সকলোকে তদন্তৰ মাজলৈ অনা হ'ব ৷ ৰেগিংকাণ্ডৰ লগত ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নৱ নিবাৰ্চিত সম্পাদক নাম উজ্জ্বল অংকুৰ বৰাৰ (DU GS Ujjal Ankur Borah) নাম সাঙোৰ খাইছিল ৷ কিন্তু নৱ- নিবাৰ্চিত সম্পাদক উজ্জ্বল অংকুৰ বৰা এই ঘটনাৰ লগত জড়িত থকাৰ কোনো তথ্য লাভ কৰা নাই ৷

উল্লেখযোগ্য যে ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ ৰেগিংকাণ্ডত (DU ragging case) নাম সাঙোৰ খোৱাৰ পাছতেই আত্মগোপন কৰি আছিল ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল ছেত্ৰী । সোমবাৰে পুৱাই লেখাপানী থানাত আত্মসমৰ্পণ কৰিছিল ৰাহুল ছেত্ৰীয়ে (Rahul Chetry surrendered)৷ ইয়াৰ পাছতে ডিব্ৰুগড় সদৰ থানালৈ লৈ অনা হৈছিল ৰাহুল ছেত্ৰীক ৷

জানিব পৰা অনুসৰি অৰুণাচলত আত্মগোপন কৰি আছিল ৰাহুল ছেত্ৰীয়ে। ঘটনাৰ পিছতে পলায়ন কৰিছিল অৰুণাচললৈ ৷ নামচাইৰ এজন বন্ধুৰ ঘৰত আশ্ৰয় লৈছিল ৰাহুলে ৷ দুদিনৰ মূৰে মূৰে স্থান সলনি কৰিছিল ৰাহুলে । অৰুণাচলৰ খাৰচাঙত যোৱা নিশা কটাই ৰাহুলে পুৱাই লেখাপানী থানাত আত্মসমৰ্পণ কৰে (Rahul Chetry arrested)। আত্মগোপন কৰাৰ পূৰ্বেই সংবাদ মাধ্যমত ৰেগিঙেৰে জড়িত নহয় বুলি মন্তব্য কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে ।

ইফালে ডিব্ৰুগড় আৰক্ষীয়ে সদৰ থানালৈ আনি পাঁচ দিনৰ জিম্মাত লয় ৰাহুল ছেত্ৰীক (Rahul Chetry in police custody) । ৰাহুল ছেত্ৰীক আশ্ৰয় দিয়া সকলো তদন্তৰ আওতালৈ আহিব বুলি সদৰী কৰে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই । লগতে ৰাহুল ছেত্ৰীক জেৰা চলোৱাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ প্ৰকৃত দোষী পোহৰলৈ আহিব বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: Ranjit Bora Murder Case : ৰঞ্জিত বৰা হত্যাকাণ্ডৰ ২ অভিযুক্তক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.