Ranjit Bora Murder Case : ৰঞ্জিত বৰা হত্যাকাণ্ডৰ ২ অভিযুক্তক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

By

Published : Dec 6, 2022, 6:46 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ৰঞ্জিত বৰা হত্যাকাণ্ড গোচৰত অন্য এক অভিযুক্তক গ্ৰেপ্তাৰ (accused arrested in Ranjit Bora murder case) । মঙলবাৰে আৰক্ষীয়ে চিণ্টু মেধি ওৰফে কিশোৰ নামৰ এজন অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে । তাৰ পিছত মূল অভিযুক্ত আমিৰ আলীৰ সৈতে সোমবাৰে কিশোৰকো আদালতত হাজিৰ কৰোৱা হয় । আদালতে দুয়োকে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখি আৰক্ষীয়ে গোপনে জেৰা কৰে চিণ্টু মেধিক (Ranjit Bora Murder Case) । উল্লেখ্য, সোমবাৰে নিশা মৰিগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীক । সোমবাৰে নিশা মৰিগাঁৱৰ বৰিগাঁৱৰ আমিৰ আলীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি বৰিগাঁৱৰ শহুৰেকৰ ঘৰত আশ্ৰয় লৈ আছিল ধৃত আমিৰ আলীয়ে । উল্লেখ্য যে ২১ নৱেম্বৰত পাঞ্জাবাৰীত দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক (Purabi Dairy employee Ranjit Bora murdered) । লগতে তেওঁৰ পৰা লুটি নিছিল আঢ়ৈ লাখ টকা ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.