ETV Bharat / state

Drugs seized at Moran: ড্ৰাগছ সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ কৰিলে মৰাণ আৰক্ষীয়ে

author img

By

Published : Oct 31, 2022, 9:17 PM IST

Updated : Oct 31, 2022, 9:26 PM IST

Drugs seized at Moran
ড্ৰাগছ সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ কৰিলে মৰাণ আৰক্ষীয়ে

ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোলোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে নৈশ বাছত সৰবৰাহ কৰিছে ড্ৰাগছ(Assam police Anti Drugs Movement) ৷

ডিব্ৰুগড়, 31 অক্টোবৰ: ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মৰাণ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে (Assam police Anti Drugs Movement) ৷ মৰাণ আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই এখন নৈশ বাছৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug mafia arrested at Moran) । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে দুটা ড্ৰাগছ কন্টেইনাৰৰ লগতে দুটা ম’বাইল ফোন আৰু নগদ প্ৰায় 49,000 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Drugs seized at Moran) ৷ মৰাণ আৰক্ষীয়ে নৈশ বাছৰ পৰা আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো মাৰ্ঘেৰিটাৰ দিহিং গাঁৱৰ মৃত পুতুল দাসৰ পুত্ৰ চন্দ্ৰ দাস বুলি জানিবলৈ দিয়ে (Drugs mafia arrested by Moran Police) ।

মৰাণ আৰক্ষীয়ে ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখী এখন নৈশ বাছৰ পৰা আটক কৰিছিল চন্দ্ৰ দাসক । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক আজি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । মৰাণ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলোৱাৰ কথা জানিবলৈ দিয়ে ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে দীৰ্ঘদিন ধৰি নৈশ বাছত অবৈধ সামগ্ৰী সৰবৰাহ হোৱা খবৰ আৰক্ষীয়ে লাভ কৰি আহিছিল ৷ এই তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছিল ৷

এনে সময়তে আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা পুনৰ কোনো লোকে অবৈধভাৱে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰে ৷ এই তথ্যৰ ভিত্তিত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখী নৈশ বাছখনৰ ড্ৰাগছখিনি জব্দ কৰে (Drugs recovered from night super) ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা অভিযোগত চন্দ্ৰ দাসক আটক কৰে । আৰক্ষীয়ে এন ডি পি এছ আইনৰ 27 ধাৰাৰ অধীনত 112/22 নম্বৰৰ এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে চন্দ্ৰ দাসক ।

মৰাণ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে (Assam police Anti Drugs Movement) ৷

লগতে পঢ়ক: Anti Drugs Mission at Namrup: নামৰূপত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Last Updated :Oct 31, 2022, 9:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.