ETV Bharat / state

DU Question Paper Controversy: চতুৰ্থ ষান্মাসিকৰ প্ৰশ্নকাকত আগতীয়াকৈ দিলে তৃতীয় ষান্মাসিকৰ পৰীক্ষাৰ্থীক

author img

By

Published : Mar 23, 2022, 7:47 PM IST

DU Question Paper Controversy
চতুৰ্থ ষাণ্মাসিকৰ প্ৰশ্নকাকত আগতীয়াকৈ দিলে তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাৰ্থীক

চতুৰ্থ ষাণ্মাসিকৰ প্ৰশ্নকাকত আগতীয়াকৈ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাৰ্থীক দিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে (Dibrugarh university Question paper controversy)৷ ফলত বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত সকলো মহাবিদ্যালয়ৰে আজিৰ পৰীক্ষা বাতিল কৰিবলগীয়া হয় ৷ এই ঘটনা সংঘটিত কৰি বিশ্ববিদ্যালয়খন পুনৰ এবাৰ বিতৰ্কত সাঙোৰ খাই পৰিল ৷

মৰাণ, 23 মাৰ্চ: বিৰ্তকই লগ এৰা নাই উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক । এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অবিবেচকী কাণ্ডই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ । বিশ্ববিদ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কলা আৰু বাণিজ্য শাখাৰ তৃতীয় ষান্মাসিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতত চৰম বিসংগতি (Dibrugarh university Question paper controversy)।

তৃতীয় ষান্মাসিকৰ বিষয়ৰ পৰিৱৰ্তে আহিল চতুৰ্থ ষান্মাসিকৰ পাঠ্যক্ৰমৰ কাকত । বুধবাৰে অনুষ্ঠিত হোৱা তৃতীয় ষান্মাসিকৰ পৰীক্ষাত 'অসমীয়া সাহিত্যৰ চানেকি' শীৰ্ষক প্ৰশ্নকাকতৰ বিপৰীতে চতুৰ্থ ষান্মাসিকৰ 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' শীৰ্ষক বিষয়ৰ প্ৰশ্নকাকত প্ৰেৰণ কৰা হ’ল পৰীক্ষা কেন্দ্ৰলৈ (Dibrugarh university 3rd semester examination)৷ যাৰবাবে পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি থকাৰ সময়তে অকস্মাতে বন্ধ কৰি দিবলগীয়া হয় পৰীক্ষাৰ সামগ্ৰীক প্ৰক্ৰিয়া ।

চতুৰ্থ ষাণ্মাসিকৰ প্ৰশ্নকাকত আগতীয়াকৈ দিলে তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাৰ্থীক

বিশ্ববিদ্যালয়খনৰ টোগলকী কাণ্ডৰ বাবে ডিব্ৰুগড় নন্দলাল বৰগোঁহাই চিটি মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'বলগীয়া হয় । ইতিমধ্যে এই সমগ্ৰ বিষয়টোৰ সম্পৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক পি কে কাকতিয়ে মহাবিদ্যালয়সমূহলৈ জাননী জাৰি কৰি আজিৰ পৰীক্ষা নাকচ কৰা বুলি ঘোষণা কৰাৰ লগতে পৰৱৰ্তী পৰীক্ষাৰ বাবে নতুন দিন ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰে ।

আনহাতে, চতুৰ্থ ষান্মাসিকৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱা বিষয়টোৱেও চৰ্চা লাভ কৰিছে ৷ ইটোৰ পিছত সিটো বিতৰ্কত সাঙোৰ খাই পৰা বিশ্ববিদ্যালয়খনৰ এনেবোৰ কাণ্ডই ছাত্ৰ-ছাত্ৰীৰ লগতে শৈক্ষিক সমাজত চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক: Teacher accused of molestation: এশ টকাৰ বিনিময়ত ছাত্ৰীক বিবস্ত্ৰ হ’বলৈ ক’লে শিক্ষকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.