ETV Bharat / state

Teacher accused of molestation: এশ টকাৰ বিনিময়ত ছাত্ৰীক বিবস্ত্ৰ হ’বলৈ ক’লে শিক্ষকে !

author img

By

Published : Mar 23, 2022, 4:45 PM IST

এইবাৰ লাকুৱাৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ ৷ বিজয় ৰাজকোঁৱৰ নামৰ সহকাৰী শিক্ষকগৰাকীৰ বিৰুদ্ধে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Teacher accused of molestation at Lakua)৷ পলাতক অৱস্থাত আছে অভিযুক্ত শিক্ষকগৰাকী ৷

Teacher accused of molestation at Lakua
এশ টকাৰ বিনিময়ত ছাত্ৰীক বিবস্ত্ৰ হ’বলৈ ক’লে শিক্ষকে !

মৰাণ, 23 মাৰ্চ: লাকুৱাৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ । লাকুৱা ২ নং নাহৰহাবি বাগান প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (Teacher accused of molestation at Lakua)। চৰাইদেউৰ লাকুৱা ২ নং নাহৰহাবি বাগান প্ৰাথমিক বিদ্যালয় ঘেৰাও কৰে অভিভাৱকে ।

সোমবাৰে সংঘটিত হয় এই ঘটনা । বৰ্তমান পলাতক অৱস্থাত থকা বিদ্যালয়খনৰ সহঃ শিক্ষকজনৰ নাম বিজয় ৰাজকোঁৱৰ । সহঃশিক্ষক বিজয় ৰাজকোঁৱৰে বিদ্যালয়খনৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষক বিজয় ৰাজকোঁৱৰে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক নাহৰহাবি মজলীয়া বিদ্যালয়লৈ আধাৰকাৰ্ড নিৰ্মাণ কৰিবলৈ লৈ গৈছিল । আধাৰকাৰ্ড নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাত বিজয় ৰাজকোঁৱৰে ভোক লাগিছে বুলি কৈ তেওঁৰ বাহনতে ছাত্ৰীগৰাকীকো কিবা খাবলৈ দিম বুলি লৈ যোৱাৰ কথা জানিবলৈ দিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ।

ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি শিক্ষক বিজয় ৰাজকোঁৱৰে দোকানৰ সন্মুখত বাহন নৰখাই বাগিছাৰ ভিতৰুৱা ৰাস্তালৈ লৈ যায় ছাত্ৰীগৰাকীক । শিক্ষক বিজয় ৰাজকোঁৱৰে ছাত্ৰীগৰাকীক এশ টকা দি কাপোৰ খুলিবলৈ কোৱাৰ উপৰিও শাৰীৰিক নিৰ্যাতনো চলোৱাৰ লগতে বিভিন্ন অশ্লীল বাক্যও কয় পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক । ইয়াৰ উপৰিও ছাত্ৰীগৰাকীয়ে এই কথা পৰিয়ালৰ লোকৰ আগত ক'লে মৃত্যুৰ ভাবুকিও দিয়ে শিক্ষকজনে । এই ঘটনাৰ অৱগত হোৱাৰ পিছতে বিদ্যালয় ঘেৰাও কৰে অভিভাৱকসকলে ।

ইতিমধ্যে শিক্ষক বিজয় ৰাজকোঁৱৰৰ এই কুকৰ্মৰ বিৰুদ্ধে লাকুৱা আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ । এই ঘটনাক উচিত তদন্তৰ দাবী তুলিছে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: 8দিন ধৰি নিৰুদ্দেশ যোৰহাটৰ এজন যুৱক: আলফা স্বাধীনত যোগদানৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.