ETV Bharat / state

নাহৰকটীয়া চক্ৰ বিষয়াৰ বাহনে মহতিয়ালে মাতৃ-পুত্ৰক

author img

By

Published : Nov 7, 2021, 2:12 PM IST

শুকুৰবাৰে ডিব্ৰুগড়ৰ বকুলত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ নাহৰকটীয়া চক্ৰ বিষয়াৰ বাহনে মহতিয়াই নিয়ে মাতৃ পুত্ৰক ৷

A_Moran_8011to8016_Terrible road accident at Dibrugarh_As10031
নাহৰকটীয়া চক্ৰ বিষয়াৰ বাহনে মহতিয়ালে মাতৃ-পুত্ৰক

মৰাণ, 7 নৱেম্বৰ : ডিব্ৰুগড়ৰ বকুলত অঘটন ৷ নাহৰকটীয়া চক্ৰ বিষয়াৰ বিলাসী বাহনে মহতিয়াই নিলে মাতৃ-পুত্ৰক ৷ চক্ৰ বিষয়া শৰৎ গগৈৰ XUV বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

নাহৰকটীয়া চক্ৰ বিষয়াৰ বাহনে মহতিয়ালে মাতৃ-পুত্ৰক

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, বাইক আৰোহী ৰিকু গগৈয়ে তীব্ৰগতিত ৰাজপথৰ মাজলৈ আকস্মিকভাৱে অহাত শৰৎ গগৈৰ বাহনৰ সৈতে সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাটোৰ ফলত ৰিকু গগৈ আৰু তেওঁৰ মাতৃ গুণমণি গগৈ আঘাতপ্ৰাপ্ত হয় ৷ দুয়োকে এ এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে ৷

এই দুৰ্ঘটনাত চক্ৰ বিষয়া শৰৎ গগৈ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ৷ উল্লেখ্য যে, এই পথচোৱাত ৰাইজে দীৰ্ঘদিনৰে পৰা গতিৰোধকৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাই আহিছিল ৷ কিন্তু এইক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা কোনো ব্যৱস্থা নোলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী ৰাইজৰ ৷

লগতে পঢ়ক : সৃষ্টিৰ পদক্ষেপ : মানস অভয়াৰণ্যলৈ প্ৰেৰণ দীপাৱলীত ব্যৱহৃত কলগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.