ETV Bharat / state

ডিব্ৰুগড় তাজিয়া কাণ্ডকলৈ ডিব্ৰুগড় মহৰম সমিতিৰ সংবাদমেল

author img

By

Published : Sep 14, 2019, 4:43 AM IST

ডিব্ৰুগড় তাজিয়া কাণ্ডকলৈ ডিব্ৰুগড় মহৰম সমিতিৰ সংবাদমেল

" তাজিয়া খেলৰ উদ্দেশ্য কোনো আতংকৰ সৃষ্টি কৰা নহয় । পৰম্পৰাগত অস্ত্ৰ বাহিৰে তাজিয়া খেলত অন্য ধৰনৰ কোনো অস্ত্ৰ লোৱা নহয়"

ডিব্ৰুগড়, 14 চেপ্তেম্বৰঃ ডিব্ৰুগড়ত অনুষ্ঠিত তাজিয়া খেলত হোৱা অপ্ৰিতীকৰ পৰিস্থিতিৰ সন্দৰ্ভত শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা মহৰম সমিতিয়ে । " তাজিয়া খেলৰ উদ্দেশ্য কোনো আতংকৰ সৃষ্টি কৰা নহয় । পৰম্পৰাগত অস্ত্ৰ বাহিৰে তাজিয়া খেলত অন্য ধৰনৰ কোনো অস্ত্ৰ লোৱা নহয়" " বুলি মন্তব্য কৰে মহৰম সমিতিৰ সদস্যই ৷ ইয়াৰোপৰি এইবাৰ তাজিয়া সমদলৰ সময়ত কিছুলোকে ৰাজপথত আতংকৰ সৃষ্টি কৰাৰ লগতে একাংশই কেইবাখনো বাহন ভাঙি ক্ষতিগ্ৰস্ত কৰে, এনে ঘটনাৰ পাছতে বৃহস্পতিবাৰ পৰ্যন্ত ডিব্ৰুগড়ত পৰিস্থিতি স্বাভাৱিক নহয়।

ডিব্ৰুগড় তাজিয়া কাণ্ডকলৈ ডিব্ৰুগড় মহৰম সমিতিৰ সংবাদমেল

এই অনাকাংশিত পৰিস্থিতিৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি সকলো পক্ষকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় ডিব্ৰুগড় জিলা মহৰম সমিতিয়ে। উল্লেখ্য যে নেতৃত্বত ৰৈ যোৱা সুৰুঙাৰ বাবেই কোনো উদণ্ড যুৱকে এনে দুখজনক ঘটনা সংঘটিত কৰে বুলি কৈ ভৱিষ্যতে এনে কাৰ্য কেতিয়াও নহয় বুলি সংবাদ মেল যোগে জানিবলৈ দিয়ে মহৰম সমিতিয়ে ।

আনহাতে, এক বৈদ্যুতিক সংবাদ মাধ্যমৰ জৰিয়তে বিশিষ্ট লেখক ইছমাইল হুছেইনে ডিব্ৰুগড় তাজিয়া কাণ্ডৰ লগত জড়িত লোকসকল মূলত: বহিৰাগত আৰু তেওঁলোকে মহৰমৰ বিষয়ে নাজানে বুলি কোৱা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰে মহৰম সমিতিয়ে । সংবাদমেলত উপস্থিত থাকে মহৰম সমিতিৰ সভাপতি চামচুদ্দিন আহমেদ, সম্পাদক নৌচাদ খান, ডিব্ৰুগড় জিলা মহৰম আখৰা সমিতিৰ সভাপতি হাইদৰ আলি সহ কেইবাগৰাকী বিষয়ববীয়া ।

Intro:

তাজিয়া কাণ্ডৰ সন্দৰ্ভত ডিব্ৰুগড় জিলা মহৰম সমিতিৰ সংবাদমেল।

মহৰম উপলক্ষে আয়োজিত ডিব্ৰুগড়ত অনুষ্ঠিত তাজিয়া খেলত হোৱা অপ্ৰিতীকৰ পৰিস্থিতিৰ সন্দৰ্ভত শুক্ৰবাৰে সংবাদমেল অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা মহৰম সমিতিয়ে । সংবাদমেলত সমিতিয়ে কয় যে তাজিয়া খেলৰ উদ্দেশ্য কোনো আতংকৰ সৃষ্টি কৰা নহয় । পৰম্পৰাগত, অস্ত্ৰ বাহিৰে তাজিয়াত অন্যধৰনৰ কোনো অস্ত্ৰ লোৱা নহয় । কিন্তু এইবাৰ তাজিয়া সমদলৰ সময়ত কিছুলোকে ৰাজপথত আতংকৰ সৃষ্টি কৰাৰ লগতে একাংশই কেইবাখনো বাহন ভাঙি ক্ষতিগ্ৰস্ত কৰে।এনে ঘটনাৰ পাছতে ডিব্ৰুগড়ত বৃহস্পতি বাৰ পৰ্যন্ত উত্তাল পৰিস্থিতি সৃষ্টি হৈ থাকে। এই অনাকাংশিত পৰিস্থিতিৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি সকলো পক্ষকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় ডিব্ৰুগড় জিলা মহৰম সমিতিয়ে।নেতৃত্বত ৰৈ যোৱা সুৰুঙাৰ বাবেই কোনো উদণ্ড যুৱকে এনে দুখজনক ঘটনা সংঘটিত কৰে বুলি কৈ ভৱিষ্যতে এনে কাৰ্য কেতিয়াও নহয় বুলি সংবাদ মেল যোগে জানিবলৈ দিয়ে মহৰম সমিতিয়ে ।
আনহাতে, এক বৈদ্যুতিক সংবাদ মাধ্যমৰ জৰিয়তে বিশিষ্ট লেখক ইছমাইল হুছেইনে ডিব্ৰুগড় তাজিয়া কাণ্ডৰ লগত জড়িত লোকসকল মূলত: বহিৰাগত আৰু তেওঁলোকে মহৰমৰ বিষয়ে নাজানে বুলি কোৱা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰে মহৰম সমিতিয়ে । সংবাদমেলত উপস্থিত থাকে মহৰম সমিতিৰ সভাপতি চামচুদ্দিন আহমেদ, সম্পাদক নৌচাদ খান, ডিব্ৰুগড় জিলা মহৰম আখৰা সমিতিৰ সভাপতি হাইদৰ আলি সহ কেইবাগৰাকী বিষয়ববীয়া ।
ভাষ্য:- - ডিব্ৰুগড় জিলা মহৰম সমিতিৰ সভাপতি চামচুদ্দিন আহমেদ , ডিব্ৰুগড় জিলা মহৰম আখৰা সমিতিৰ সভাপতি হাইদৰ আলি।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.