ETV Bharat / state

ডিব্ৰুগড় আৰক্ষীৰ গুলীত গুলীবিদ্ধ কুখ্যাত অপৰাধী বিমান বৰা

author img

By

Published : Oct 6, 2021, 7:16 PM IST

ডিব্ৰুগড় আৰক্ষীৰ গুলীত গুলীবিদ্ধ কুখ্যাত অপৰাধী বিমান বৰা
ডিব্ৰুগড় আৰক্ষীৰ গুলীত গুলীবিদ্ধ কুখ্যাত অপৰাধী বিমান বৰা

বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জড়িত হৈ থকা কুখ্যাত অপৰাধী বিমান বৰা অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছে ৷ আৰক্ষীৰ গুলীত গুলীবিদ্ধ বিমান বৰা ৷

ডিব্ৰুগড়, 6 অক্টোবৰ : 2013 বৰ্ষতে শিমলুগুৰি গুঞ্জন শৰ্মা অপহৰণ কাণ্ডত জৰিত তথা কুখ্যাত অপৰাধী বিমান বৰা গুলীবিদ্ধ ৷ জানিবপৰা মতে, চাবুৱাৰ কাজিখোৱাত মঙলবাৰে নিশা আৰক্ষীৰে হোৱা সংঘৰ্ষ গুলীবিদ্ধ হয় বিমান বৰা ৷ ডিব্ৰুগড়ৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি মঙলবাৰে পুৱতি নিশা ডিব্ৰুগড় চাবুৱাৰ বাই পাছত গুলীয়াই ডকাইতটোক ৷

ডিব্ৰুগড় আৰক্ষীৰ গুলীত গুলীবিদ্ধ কুখ্যাত অপৰাধী বিমান বৰা

উল্লেখযোগ্য যে, 2013 বৰ্ষতে এগৰাকী অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী গুঞ্জন শৰ্মাক শিমলুগুৰিৰ পৰা অপহৰণ কৰা ঘটনাৰ সৈতে জৰিত হৈ আছিল বিমান বৰা ৷ তাৰ সমান্তৰালভাৱে বহু অপহৰণ কাণ্ড, ডকাইতি, গাড়ী চুৰি ইত্যাদি বিভিন্ন ধৰণৰ অপাধৰজনিত ঘটনাৰ সৈতে জৰিত হৈ আছিল বিমান বৰা ৷

জানিবপৰা মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থানাত বিমানৰ বিৰুদ্ধে আছে বিভিন্ন গোচৰ ৷ আৰক্ষীয়ে হোৱা সংঘৰ্ষত গুলীবিদ্ধ হোৱা বিমান বৰাৰ পৰা আৰক্ষীয়ে কেইবাজাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা বিমান বৰা বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ GNRC-ৰ ICU ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.