ETV Bharat / state

DTO office Jr Assistant arrested : পুনৰ গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী

author img

By

Published : Oct 19, 2022, 5:20 PM IST

DTO office Jr Assistant arrested
পুনৰ গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী

ডিব্ৰুগড়ৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Anti corruption raid in Dibrugarh DTO office)। ৭০০ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ'ল দালালসহ কনিষ্ঠ সহায়ক দিতিমণি গগৈ । ধৃত কৰ্মচাৰীক সোধা-পোছা অব্যাহত ।

মৰাণ,১৯ অক্টোবৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীল নীতি গ্ৰহণ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে । যাৰ ফলস্বৰূপে ইজনৰ পাছত সিজন দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰী (Vigilance and Anti Corruption Assam) ৷

শেহতীয়াভাৱে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত ইজৰ পাছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে । কিন্তু তাৰ মাজতো লোভ কমা নাই বিষয়া-কৰ্মচাৰীৰ । টেবুলৰ তলেৰে ধন লোৱা অব্যাহত ৰাখিছে বিষয়া-কৰ্মচাৰীয়ে ।

পুনৰ গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী

সমান্তৰালকৈ দালালৰাজো অব্যাহত আছে বিভিন্ন চৰকাৰী কাৰ্যালয়ত । এইবাৰ ৭০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল দালালসহ চৰকাৰী কৰ্মচাৰী (DTO office Jr Assistant arrested)। ডিব্ৰুগড়ৰ পৰিবহণ বিষয়া কাৰ্যালয়ত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দালালসহ কনিষ্ঠ সহায়কক । বুধবাৰে আৰক্ষীয়ে উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়ক দিতিমণি গগৈক । এই ঘটনাৰ পাছত জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

যোৱা সোমবাৰেও ৰঙিয়াত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ৰে’লৱে বিভাগৰ বিষয়াক ৷ অনুকম্পা মূলক চাকৰিৰ মেডিকেল ৰিপোৰ্টৰ নামত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে ধৰা পৰে ৰে’লৱে বিভাগৰ বিষয়াজন ৷ গ্ৰেপ্তাৰ হোৱা ৰে’লৱে বিভাগৰ বিষয়াজন ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাস বুলি জানিব পৰা গৈছে (Railway officer arrested while taking bribe) ৷ অনুকম্পা মূলক চাকৰিৰ মেডিকেল ৰিপোৰ্টৰ নামত এগৰাকী যুৱতীক ২০,০০০ টকা দাবী কৰিছিল ৰে’লৱে বিভাগৰ বিষয়াজনে ৷

ইয়াৰ পাছতে বুধবাৰে পুনৰ পৰিবহণ বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়া জালত পৰাৰ লগে লগে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অভিযোগ অনুসৰি ৰাজ্যৰ পৰিবহণ বিভাগৰ কাৰ্যালয়সমূহত প্ৰায়ে চলে দালালৰাজ ।

লগতে পঢ়ক :Railway officer arrested: উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.