ETV Bharat / state

সাপেখাতীৰ বাকচুত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Mar 29, 2021, 11:00 PM IST

পিতা পুত্ৰৰ বাক বিতণ্ডাৰ পৰিণতিতে পিতা দিপু দাসে নিজা ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰাৰ ফলতে সংঘটিত হয় এই ঘটনা ৷ অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

devasting-fire-at-sapekhati
সাপেখাতীৰ বাকচুত ভয়ংকৰ অগ্নিকাণ্ড

মৰাণ,29 মাৰ্চ: হোলীৰ আনন্দ উল্লাসৰ মাজতে সোমবাৰে চৰাইদেউৰ সাপেখাতীৰ বাকচুত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ পিতা পুত্ৰৰ বাক বিতণ্ডাৰ পৰিণতিতে পিতা দিপু দাসে নিজা ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰাৰ ফলতে সংঘটিত হয় এই ঘটনা ৷ যাৰ ফলত নিমিষতে সম্পূৰ্ণৰূপে জুইত জাহ গ'ল ব্যৱসায়ীক প্ৰতিষ্ঠানখন ৷ অগ্নি সংযোগৰ ফলত ভস্মীভূত হয় প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

সাপেখাতীৰ বাকচুত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিসংযোগৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নোমোৱাবলৈ চেষ্টা কৰে যদিও ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ লগতে সকলো সামগ্ৰী জুইত জাহ যায় ৷ এই ঘটনাই আতংকৰ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়কঃ 'কা' সম্পৰ্কে স্থিতি স্পষ্ট নহয় ৰঙিয়াৰ জে ডি (ইউ)ৰ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.