ETV Bharat / state

Subhalakshmi Dutta case : শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ গ'ল নিৰ্যাতিতা

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 6:15 PM IST

শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ গ'ল ভুক্তভোগী মহিলা ৷ নিৰ্মমভাৱে নিৰ্যাতন কৰি ধনৰ প্ৰলোভন দিয়াৰ অভিযোগ অভিযুক্ত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ৷ চৰকাৰক ন্যায় প্ৰদান কৰিবলৈ আহ্বান ভুক্তভোগীৰ ৷

Subhalakshmi Dutta case
চৰকাৰক ন্যায় প্ৰদান কৰিবলৈ আহ্বান ভুক্তভোগীৰ

শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন

ডিব্ৰুগড়, 2 ছেপ্টেম্বৰ : অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ কাণ্ডই জোকাৰি গৈছে ৰাজ্যৰ সচেতন ৰাইজক ৷ বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই শুভলক্ষ্মী দত্তক গৃহ বিভাগে ৰিজাৰ্ভ ক্লজ কৰিলে যদিও আৰক্ষী বিষয়াগৰাকীক কঠোৰ শাস্তি দিবলৈ ৰাজ্যবাসীয়ে দাবী উত্থাপন কৰিছে ৷

শনিবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মীৰ দত্তৰ নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী মহিলা গৰাকী সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই ৷ ডিব্ৰুগড়ৰ আস্থা হাস্পতালত সংকটজনক অৱস্থাত 28 আগষ্টৰ পৰা চিকিৎসাধীন হৈ আছিল লক্ষীমপুৰ জিলাৰ ভুক্তভোগী মহিলাগৰাকী ৷ শনিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পৰত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নিৰ্যাতিতা মহিলাগৰাকীয়ে পুনৰ আনিলে বিস্ফোৰক অভিযোগ ৷

ভুক্তভোগী মহিলাগৰাকীয়ে দিয়া গোচৰ প্ৰত্যাহাৰৰ বাবে বাৰে বাৰে ফোনযোগে হেঁচা দিয়াৰ অভিযোগ অভিযুক্ত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ৷ আনকি অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে ধনৰ লালসা দিয়া বুলিও অভিযোগ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ অতি অমানৱীয়ভাৱে নিৰ্যাতন চলোৱাৰ পিছতো স্বাস্থ্যৰ বুজ ল'বলৈকো মানৱীয় সহানুভূতি নথকা শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

ইফালে নিৰ্যাতনৰ পিছৰে পৰা চিকিৎসালয়ৰ ব্যয় কোনে বহন কৰিছে সেই বিষয়ে অজ্ঞাত ভুক্তভোগীৰ পৰিয়াল ৷ যাক লৈ পৰিয়ালৰ লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে ৷ শুকুৰবাৰে ভুক্তভোগী মহিলাগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে ৷ ইফালে সমগ্ৰ ঘটনাৰ অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে চাহ মজদুৰ সংঘৰ মহিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে ৷

লগতে পঢ়ক : Silsako Eviction : উচ্ছেদৰ নামত শিলসাঁকোত মানৱ অধিকাৰ উলংঘন হৈছে,উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে ৰিপুন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.