ETV Bharat / state

জয়পুৰত ক’ভিত-19 আক্ৰান্ত অৱস্থাত পুনৰ এজনৰ মৃত্যু

author img

By

Published : Jul 26, 2020, 10:48 PM IST

Covid-19 affected people died
Covid-19 affected people died

জয়পুৰত দ্বিতীয় গৰাকী লোকৰ ক’ভিড আক্ৰান্ত অৱস্থাত মৃত্যু । জয়পুৰ দুৱাৰা পথাৰৰ প্ৰয়াস বৰকটকী নামৰ ২৫ বছৰীয়া যুৱকৰ জনৰ কালি মৃত্যু হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

নাহৰকটীয়া, 26 জুলাই : নামৰূপ আৰক্ষী চকীত কৰ্মৰত জয়পুৰৰ মহিলা আৰক্ষী পুনি মেচ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাচতে পুনৰ জয়পুৰৰ দ্বিতীয় গৰাকী লোকৰ ক’ভিড আক্ৰান্ত অৱস্থাত মৃত্যু হয়। জয়পুৰ দুৱাৰা পথাৰৰ প্ৰয়াস বৰকটকী নামৰ ২৫ বছৰীয়া যুৱকৰ জনৰ কালি মৃত্যু হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত। অৱশ্যে দীৰ্ঘদিনধৰি আন ৰোগত আক্রান্ত হৈ গুৰুতৰ অৱস্থাত অসম চিকিৎসা মহাবিদ্যলয় হাস্পতালত চিকিৎসাধীন হৈ আছিল যুৱকজন ৷ বিগত ২৩ জুলাইত ধৰা পৰিছিল মৃত প্ৰয়াস বৰকটকীৰ শৰীৰত ক’ভিড ১৯'ৰ অৱস্থিতিৰ তথ্য ৷

ইফালে ৰেপিড টেষ্টৰ বাবে সংগ্ৰহ কৰা নমুনাৰ ফলাফলত জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ কণিষ্ঠ চিকিৎসক অংকিতা সাহাৰ শৰীৰতো ক’ভিড ১৯ ৰোগৰ অৱস্থিতিৰ তথ্য পোহৰলৈ আহিছে ৷ জয়পুৰ ৰাজ্যিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক গৰাকীৰ ঘৰ ডিব্ৰুগড়ত বুলি জানিব পৰা গৈছে ৷ চিকিৎসক আক্ৰান্তৰ তথ্য পোহৰলৈ অহাৰ পাচতে সমগ্ৰ জয়পুৰ অঞ্চলত উত্তেজনাই বিৰাজ কৰিছে ৷
লগতে পঢ়ক : লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলা....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.