ETV Bharat / state

Rana Goswami criticized Assam CM: মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে : ৰাণা গোস্বামী

author img

By

Published : Jul 15, 2022, 8:49 PM IST

Rana Goswami criticized Assam CM
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে : ৰাণা গোস্বামী

ডিব্ৰুগড়ত সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীয়ে ৷ লগতে বিনীত বাগাৰীয়াৰ আত্মহত্যা ঘটনা (Vineet Bagaria Suicide Case) সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰপেক্ষ বিচাৰ নকৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই তুলিছে বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

ডিব্ৰুগড়, 15 জুলাই : ‘‘ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে ৷ বিনীত বাগাৰীয়াৰ চাঞ্চল্যকৰ মৃত্যুৰ (Vineet Bagaria Suicide Case) মূল অভিযুক্ত আছিল সঞ্জয় শৰ্মা । কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কেবল বৈদুল্লা খানৰ নামটো উচ্চাৰণ কৰি এক ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে । যিটো এখন গণতান্ত্ৰিক দেশত কেতিয়াও নিৰপেক্ষ বিচাৰধাৰা হৈছে বুলি ক'ব নোৱাৰি’’ ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে : ৰাণা গোস্বামী

শুকুৰবাৰে এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Congress leader Rana Goswami press meet in Dibrugarh) । লগতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ যদি সাহস আছে তেন্তে বিনীত বাগাৰীয়াৰ ঘটনাৰ লগত জড়িত অভিযুক্ত সঞ্জয় শৰ্মা, নিশান্ত শৰ্মা, আজিজ খান, ছামচুল্লা খানৰ নামটোও এবাৰ হ'লেও উচ্চাৰণ কৰিব লাগিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকগৰাকীক নিলম্বন কৰিয়েই শান্ত থাকিলে নহ'ব ।

বাকী বিভাগীয় সকলোকে শাস্তি প্ৰদান কৰিব লাগে ৷ সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে (Rana Goswami criticized Assam CM) ।

লগতে পঢ়ক : মই জীৱনত কেতিয়াও ইমান লাজ পোৱা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.