Vineet Bagaria suicide case: আৰক্ষীৰ জালত বিনীতৰ আত্মহত্যাৰ ঘটনাৰ লগত নাম সাঙোৰ খোৱা অভিযুক্ত

By

Published : Jul 8, 2022, 9:59 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

আৰক্ষীৰ গুৰুত্বহীনতা আৰু অৱহেলাৰ বাবেই পশুপ্ৰেমী হিচাপে পৰিচিত ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াই আত্মহত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য (Justice for Vineet Bagaria) ৷ পশুপ্ৰেমী বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাৰ ন্যায় বিচাৰি ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ । ইয়াৰ মাজতেই আৰক্ষীৰ জালত পৰিল পশুপ্ৰেমী যুৱক বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ ঘটনাৰ লগত নাম সাঙোৰ খোৱা নিশান্ত শৰ্মা আৰু বৈদুল্লা খান (Accused of Vineet Bagaria suicide) । বৃহস্পতিবাৰে নিশা শনি মন্দিৰৰ বাসগৃহত বিনীতৰ আত্মহত্যাৰ ঘটনাৰ পিছতে পলাতক হৈ আছিল দুই অভিযুক্ত । অৱশেষত ২৪ ঘন্টা নৌহওঁতে লামডিং ৰে'লৱে ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত দুজনক । ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ(SP Shwetank Mishra) নিৰ্দেশত গুৱাহাটীলৈ গৈ থকা সময়তে লিডু ইন্টাৰচিটিত অভিযান চলাই দুই অভিযুক্তক আটক কৰে আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.