ETV Bharat / state

CM Patowary visit APL Namrup: প্ৰায় সম্পূৰ্ণ APLৰ নতুন প্ৰকল্প

author img

By

Published : Dec 8, 2021, 6:38 PM IST

নামৰূপৰ অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ নতুন প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত (Chandra Mohan Patowary visit APL Namrup)। কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ মঙলবাৰে নামৰূপস্থিত পেট্ৰ'কেমিকেলছ লিমিটেড পৰিদৰ্শন কৰে উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ফেব্ৰুৱাৰীত এই নতুন প্ৰকল্প মুকলি কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

Chandra Mohan Patowary visit APL Namrup
প্ৰায় সম্পূৰ্ণ APLৰ নতুন প্ৰকল্প

মৰাণ,৮ ডিচেম্বৰ : দেশৰ ভিতৰতে লাভজনক উদ্যোগ হিচাপে চৰ্চা লাভ কৰা নামৰূপস্থিত অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । ইয়াৰ মাজতে ৫০০ টন মিঠানল উৎপাদন হ'বলগীয়া প্ৰকল্পস্থলী মঙলবাৰে পৰিদৰ্শন কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে (Chandra Mohan Patowary visit APL Namrup)। পৰিদর্শনৰ সময়ত এ পি এলৰ কামৰ ক্ষিপ্ৰতা দেখি সন্তোষ প্ৰকাশ কৰে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ।

প্ৰায় সম্পূৰ্ণ APLৰ নতুন প্ৰকল্প

অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীত উপস্থিত হৈ কয় যে, সম্পদক সম্ভাৱনালৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে নামৰূপস্থিত এ পি এলৰ নতুন প্রকল্পৰ নিৰ্মাণ কাৰ্য ইতিমধ্যেই ৯৯.১ শতাংশ সম্পূৰ্ণ হৈছে । অহা ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নতুন প্ৰকল্পৰ শুভ উদ্বোধন কৰিব বুলিও তেওঁ উল্লেখ কৰে (Assam Cm will inaugurate APL new project) । মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক তৰংগ গগৈ, অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাৰ নেতৃত্বত উদ্যোগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰচেষ্টাত উদ্যোগটোৱে এই নতুন ৰূপ পাইছে বুলি উল্লেখ কৰে ।

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক তৰংগ গগৈ ,অসম পেট্ৰ'কেমিকেলচ লিমিটেডৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, অসম পেট্ৰ'কেমিকেলচ লিমিটেডৰ নৱনিযুক্ত পৰিচালন সঞ্চালক ৰাজনিশ গগৈসহ কেইবাগৰাকী বিজেপি নেতা আৰু উদ্যোগটোৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

উল্লেখ্য যে ২০১৩ চনৰ আগষ্ট মাহত আধাৰশিলা স্থাপন হোৱা এ পি এলৰ ৫০০ টন মিঠানল উৎপাদন প্ৰকল্পটো প্ৰায় পাঁচ বছৰ কোনো কাম নোহোৱাকৈ পৰি আছিল । কিন্তু ২০১৭ চনৰ ৪ অক্টোবৰত বিজেপি নেতৃত্বাধীন চৰকাৰে নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰি চাৰি বছৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পথত । সম্প্ৰতি উৎপাদনক্ষম অৱস্থাত উপনীত হৈছে উদ্যোগটো ।

লগতে পঢ়ক :Attack On MLA Terash Goala : চলন্ত ৰে’লত আক্ৰমণ বিজেপি বিধায়কক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.