ETV Bharat / state

Amritpal Singh news Update: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ দেহৰক্ষী

author img

By

Published : Mar 27, 2023, 7:07 PM IST

khalistani supporter at Dibrugarh central jail
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ দেহৰক্ষী

বিমানযোগে ডিব্ৰুগড়লৈ অনা হ'ল অমৃতপাল সিঙৰ আন এজন সহযোগীক ৷ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আঠ জনলৈ বৃদ্ধি পালে খালিস্তানী বিচ্ছিন্নতাবাদী নেতাৰ সংখ্যা (Amritpal Singh case update)

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ দেহৰক্ষী

ডিব্ৰুগড়, 27 মাৰ্চ : ’ৱাৰিছ পঞ্জাৱ দে’ সংগঠনৰ মুৰব্বী অমৃতপাল সিঙৰ 7 সহযোগীক ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ পাছতেই আজি পুনৰ পঞ্জাৱৰ পৰা বিমানযোগে আৰু এজন খালিস্তানী নেতা তথা অমৃতপাল সিঙৰ দেহৰক্ষী ভবিন্দ্ৰ সিঙক অনা হৈছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ । উল্লেখযোগ্য যে পঞ্জাৱৰ খালিস্তানী বিচ্ছিন্নতাবাদী সংগঠন ’ৱাৰিছ পঞ্জাৱ দে’ৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ 8 জনকৈ সহযোগীক ডিব্ৰুগড় কাৰাগাৰলৈ অনাৰ পাছতে এতিয়া দেশৰ ভিতৰতে অতিকৈ চৰ্চিত কাৰাগাৰ হৈ পৰিছে ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় কাৰাগাৰ । পঞ্জাৱৰ বিচ্ছিন্নতাবাদী সংগঠনৰ নেতাসকলক কিয় হঠাৎ ডিব্ৰুগড়লৈ লৈ অনা হৈছে সেই কথা বৰ্তমানেও ৰহস্যৰ আৱৰ্তত যদিও খালিস্তানী নেতাসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত অলপো ক্ৰুটি ৰখা নাই ডিব্ৰুগড় আৰক্ষীয়ে (khalistani supporter at Dibrugarh central jail)।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ আতিথ্যত ডিব্ৰুগড় কাৰাগাৰত সময় পাৰ কৰিছে খালিস্তানী বিচ্ছিন্নতাবাদী নেতাসকলে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ চেল প্ৰস্তুত কৰা হৈছে সেইসকল খালিস্তানী নেতাৰ বাবে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে পহৰাৰ ব্যৱস্থা কৰা হৈছে । কটকটীয়া নিৰপত্তা গঢ়ি তোলা হৈছে কাৰাগাৰৰ চাৰিওদিশে । পূৰ্বৰ দৰে সাধাৰণ লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে ডিব্ৰুগড় কাৰাগাৰ কৰ্তৃপক্ষই (Pro Khalistani organisation waris Punjab de) ।

পূৰ্বৰ পৰাই পঞ্জাৱৰ বিচ্ছিন্নতাবাদী সংগঠন ’ৱাৰিছ পাঞ্জাৱ দে’ৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ ঘনিষ্ঠ 7 দুধৰ্ষ সহযোগীক পঞ্জাৱ আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । ’ৱাৰিছ পঞ্জাৱ দে’ৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ খুৰাক তথা ব্যক্তিগত উপদেষ্টা বিত্তীয় সচিব হৰজিৎ সিং, বিচ্ছিন্নতাবাদী নেতা ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী, অমৃতপাল সিঙৰ বিত্ত সহায়ক দলজিৎ চালাচী, দেহৰক্ষী বসন্ত সিং ফৌজী, অন্যতম ঘনিষ্ঠ গুৰমিৎ সিং ভূষণবালা, কুলৱন্ত সিং ঢালিৱাল আৰু গুৰুন্দিৰ পাল সিং সম্প্ৰতি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে (Khalistani leader kept in Dibrugarh central jail)।

আনহাতে কাৰাগাৰৰ 13 নং চেলত পৃথকে পৃথকে ৰখা হৈছে খালিস্তানী নেতাকেইজনক । আৰক্ষীয়ে অভেদ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে খালিস্তানী নেতাকেইজনক ৰাজ আতিথ্য প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে । ভি আই পি সদৃশ মৰ্যাদা প্ৰদানত কাৰাগাৰ কৰ্তৃপক্ষই কোনো কৃপণালি কৰা নাই । খালিস্তানী নেতাকেইজনৰ বাবে ডানল’প, মনোৰঞ্জনৰ বাবে ৰঙীন টিভি, মন পছন্দৰ খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । লগতে কাৰাগাৰৰ ভিতৰত নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে (Operation against Amritpal Singh) ।

লগতে পঢ়ক : Billkis Bano rape case : দোষীৰ ৰেহাইক প্ৰত্যাহ্বান জনাই আবেদন, উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ

পৰৱৰ্তী সময়ত বহু কেইজন খালিস্তানী নেতাক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনা হ'ব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.