ETV Bharat / state

দলীয় কৰ্মীৰ সৈতে একেলগে মোহনবাৰীত প্ৰধানমন্ত্ৰীৰ মন কী বাত শুনিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই

author img

By

Published : Jun 18, 2023, 10:36 PM IST

BJP President JP Nadda listens to MANN KI BAAT
ডিব্ৰুগড়ত দলীয় কৰ্মীৰে মত বিনিময় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰ

ডিব্ৰুগড়ত উপস্থিত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ ডিব্ৰুগড়ত দলীয় কৰ্মীৰে মত বিনিময় ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, বিধায়ক প্ৰশান্ত ফুকনৰো অংশগ্ৰহণ ৷

ডিব্ৰুগড়ত দলীয় কৰ্মীৰে মত বিনিময় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰ

ডিব্ৰুগড়, 17 জুন: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ অনুষ্ঠানৰ জড়িয়তে দেশবাসীক সম্বোধন কৰি দেশ আগুৱাই নিয়াৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে । সেই উদ্দেশ্যে আজি দেশ প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ অনুষ্ঠানৰ জড়িয়তে দেশবাসীক সম্বোধন কৰিছিল । প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানত ডিব্ৰুগড়ৰ পৰা অংশগ্ৰহণ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।

শনিবাৰে অৰুণাচল প্ৰদেশৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে । অৰুণাচল প্ৰদেশৰ পৰা আজি ডিব্ৰুগড়ত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । ডিব্ৰুগড়ত বিজেপি কৰ্মীক উৎসাহিত কৰিলৈ মোহনবাৰী গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "মন কী বাত" অনুষ্ঠানত অংশগ্ৰহণ কৰিলে নাড্ডাই । এই অনুষ্ঠানৰ পাচত বিজেপিৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ বিজেপি কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে ।

অনুষ্ঠানত উপস্থিত থকা বিজেপি কৰ্মী সকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় চৰকাৰৰ আচঁনি সমূহৰ পৰা ৰাইজে কেনেধৰণে উপকৃত হৈছে তাৰ বুজ লয় । লগতে দলীয় ভেটি শক্তিশালী কৰা কামত সকলো কৰ্মীক মনোনিৱশ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, বিধায়ক প্ৰশান্ত ফুকন, জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ আদিয়ে অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, সমাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলীয় কৰ্মী সকলৰ লগত মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি দলীয় কৰ্মী সকলক উৎসাহিত কৰিছে । এই মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ ৷ ডিব্ৰুগড়ত বৰ্তমান সময়ত বিজেপিৰ গণ ভেটি শক্তিশালী হৈ থকা বুলি অনুমান কৰিব পাৰি যদিও প্ৰায়েই ডিব্ৰুগড়লৈ আগমন ঘটিছে কেন্দ্ৰীয় নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীৰ ।

কেইটামান মাহৰ পূৰ্বে গৃহ মন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত বিশাল জনসভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মী সকলক উৎসাহিত কৰিছিল । ইয়াৰ পাছতেই আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিয়ে আৰু অধিক উৎসাহিত কৰিছে ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকলক ।

লগতে পঢ়ক:Ganja seized at Basistha : লালগণেশৰ পানী টেংকীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান, জব্দ ৭ কেজি গাঞ্জা

etv play button
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.