Ganja seized at Basistha : লালগণেশৰ পানী টেংকীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান, জব্দ ৭ কেজি গাঞ্জা

By

Published : Jun 18, 2023, 7:47 AM IST

Updated : Jun 18, 2023, 12:06 PM IST

thumbnail

গুৱাহাটী, ১৮ জুন : শনিবাৰে মহানগৰীৰ লালগণেশত ক্ৰাইম ব্ৰাঞ্চ আৰু ওডালবাক্ৰা আৰক্ষীৰ যৌথ অভিযান । এই অভিযানত আৰক্ষীয়ে উৎখাত কৰে লালগণেশৰ পানী টেংকী অঞ্চলত থকা এটা তীৰৰ ঘাটি । লগতে জব্দ কৰে ৭ কেজি গাঞ্জাৰ লগতে কেইবাটাও সুৰা ভৰ্তি বটলো । লগতে এই অভিযানতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুঠ ৬ জনকৈ তীৰ খেলৰ লগত জড়িত লোকক ।

আনহাতে, গাঞ্জা আৰু সুৰাৰ বেহাৰ লগত জড়িত বিঞ্জু দেৱীক নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে এগৰাকী অভিযানকাৰী আৰক্ষী বিষয়াই ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মহানগৰীৰ লালগণেশ অঞ্চলত চলি আছিল তীৰ, মদ, ভাং, জুৱাৰ আড্ডা ।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই আড্ডাৰ ঘাটিটোৰ বিষয়ে খবৰ লাভ কৰি ক্ৰাইম ব্ৰাঞ্চে ওডালবাক্ৰা আৰক্ষীৰ সহযোগত চলাই এই অভিযানটো ৷

লগতে পঢ়ক : Sikha Sarma Arrested : শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ

Last Updated : Jun 18, 2023, 12:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.