ETV Bharat / state

চাবুৱাৰ দৈনিক বজাৰৰ কদৰ্যময় পৰিৱেশ

author img

By

Published : Apr 3, 2021, 4:33 PM IST

চাবুৱাত অসাৰ স্বচ্ছ ভাৰত অভিযান
চাবুৱাত অসাৰ স্বচ্ছ ভাৰত অভিযান

চাবুৱাত অসাৰ প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান । চাবুৱা নগৰৰ দৈনিক বজাৰত দ'মে দ'মে পৰি আছে প্লাষ্টিক জাৱৰ-জোথৰ । বিগত দহ দিন ধৰি এইদৰে চাবুৱাৰ দৈনিক বজাৰত দ'মে দ'মে পৰি আছে প্লাষ্টিকৰ জাৱৰ-জোথৰ । বিগত পাঁচবছৰীয়া কাৰ্যকালৰ বিধায়ক বিনোদ হাজৰিকা আৰু সভানেত্ৰী অনিতা শৰ্মাৰ নেতৃত্বত চাবুৱাৰ সৰ্বাঙ্গীন উন্নয়নৰ প্ৰকৃত ছবিখন এইদৰে প্ৰতিফলিত হৈছে ।

মৰাণ, ৩ এপ্ৰিল: প্লাষ্টিক জাৱৰ-জোথৰেৰে ভৰা অতি কদৰ্যময় পৰিৱেশত ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰৰ দৈনিক বজাৰ । জিলাখনৰ চাবুৱা নগৰৰ দৈনিক বজাৰত দ'মে দ'মে পৰি আছে প্লাষ্টিক জাৱৰ-জোথৰ । এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাৱত চাবুৱা নগৰ সমিতিৰ সভানেত্ৰী অনিতা শৰ্মা আৰু বিধায়ক বিনোদ হাজৰিকা । এইক্ষেত্ৰত দুয়োগৰাকীয়ে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে । বিগত দহ দিন ধৰি এইদৰে চাবুৱাৰ দৈনিক বজাৰত দ'মে দ'মে পৰি আছে প্লাষ্টিক জাৱৰ-জোথৰ । বিগত পাঁচবছৰীয়া কাৰ্যকালৰ বিধায়ক বিনোদ হাজৰিকা আৰু সভানেত্ৰী অনিতা শৰ্মাৰ নেতৃত্বত চাবুৱাৰ সৰ্বাঙ্গীন উন্নয়নৰ প্ৰকৃত ছবিখন এইদৰে প্ৰতিফলিত হৈছে ।

চাবুৱাৰ দৈনিক বজাৰৰ কদৰ্যময় পৰিৱেশ
চাবুৱাৰ দৈনিক বজাৰৰ কদৰ্যময় পৰিৱেশ

অদূৰদৰ্শী সভানেত্ৰীগৰাকীৰ পাঁচবছৰীয়া কাৰ্যকালৰ উন্নয়নবিহীন নগৰখনত এই কদৰ্যময় পৰিৱেশৰ ছবি কোনো কৰ্তৃপক্ষই দেখিও নেদেখা ভাও ধৰা বুলি অনুমান হৈছে । সকলো চৰকাৰী ধন আৰু আঁচনিৰ সৰ্থিক ৰূপায়ণ নোহোৱাত চাবুৱাত ধোঁৱাচাঙলৈ পৰিণত হৈছে প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান । যাৰফলত এতিয়া নগৰখনত বিভিন্ন স্থানত জাবৰেৰে ভৰি পৰিছে । নলা-নৰ্দমাসমূহ পৰিস্কাৰ নকৰাৰ ফলত নগৰখনৰ পানী ওলাই যোৱাৰ পথ বন্ধ হৈ পৰিছে । সামান্য এজাক বৰষুণতেই নগৰখনৰ বিভিন্ন স্থানৰ লগতে চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ।

দ'মে দ'মে পৰি আছে প্লাষ্টিক জাৱৰ-জোথৰ
দ'মে দ'মে পৰি আছে প্লাষ্টিক জাৱৰ-জোথৰ

নগৰখনৰ নলাসমূহ চাফা কৰিবলৈ চৰকাৰৰ পৰা লাখ লাখ টকা আহিছিল যদিও সেই টকাৰে নগৰ সমিতিয়ে নলা চাফা কৰা কোনোদিনেই নেদেখিলে চাবুৱাৰ ৰাইজে । যাৰবাবে এতিয়া নলা জাবৰে বন্ধ কৰি পেলোৱাত এজাক বৰষুণৰ ফলত সৰ্বসাধাৰণ ৰাইজে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে । আনহাতে, নগৰখনৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষেৰে নলা নিৰ্মাণৰ কাম বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ নোহোৱাত ঠায়ে-ঠায়ে পানী আৱদ্ধ হোৱা দেখা গৈছে । সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰে শামুকীয়া গতিত নলা নিৰ্মাণ কৰাৰ লগতে নিম্নমানৰ চিমেণ্ট বালি মিহলি কৰি কংক্ৰিটৰ অংশ ভাগি পৰা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

চাবুৱাত অসাৰ স্বচ্ছ ভাৰত অভিযান
চাবুৱাত অসাৰ স্বচ্ছ ভাৰত অভিযান

যোৱা দুদিন ধৰি হৈ থকা বৰষুণত জমা হোৱা পানী শনিবাৰেও চাবুৱা নগৰৰ ৰাষ্ট্ৰীয় পথৰ অংশ বোৱাই নিছে । বৰ্তমান নিৰ্বাচিত নগৰ সমিতি নথকাত কাৰ্যভাৰ গ্ৰহণ কৰি থকা চাবুৱা ৰাজহ চক্ৰ বিষয়া তথা নগৰপালিকা ঋতুপল্লৱ বৰুৱাই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ইয়াৰোপৰি নগৰখনত অবাধে যানবাহন ৰখোৱাৰ ফলত যান-জঁটৰ সমস্যাত জৰ্জৰিত চাবুৱাবাসী । চাবুৱা কলেজ পথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখোৱা বাহনৰ বাবে অন্যান্য যাত্ৰীসমূহে এতিয়া জীয়াতু ভুগিছে । দুখন বজাৰ সমিতি, ৪০ টাতকৈ অধিক জাতীয়-জনগোষ্ঠীয় সংগঠনৰ চাবুৱা অঞ্চলত সবল স্থিতি থকাৰ পিছতো চহৰখনৰ এনে কদৰ্যময় পৰিৱেশৰ বাবে যদি কঠোৰ ব্যৱস্থা কোনেও নলয় তেনেহ'লে চাবুৱা নগৰ যে অতিশীঘ্ৰে নৰক হৈ পৰিব সেয়া নিশ্টিত হৈ পৰিছে ।

লগতে পঢ়ক: কেমেৰাৰ সন্মুখতে ডুবিল যাত্ৰীসহ বলেৰ' গাড়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.