ETV Bharat / state

ভাস্কৰ্য শিল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা মৰাণৰ এগৰাকী শিল্পী

author img

By

Published : Sep 20, 2020, 6:17 PM IST

মৰাণৰ সমীপৰ খোৱাং মণিপথাৰৰ উদীয়মান ভাস্কৰ্য শিল্পী চন্দন গগৈয়ে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, হাৰিয়ানাতো প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে চন্দন গগৈয়ে ।

Assam: Moran sculpture Artiste Chandan Gogoi
ভাস্কৰ্য শিল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা মৰাণৰ এগৰাকী শিল্পী

মৰাণ, 20 ছেপ্তেম্বৰ : ভাস্কৰ্য শিল্প কলাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে মৰাণৰ এজন উদীয়মান যুৱকে । মৰাণৰ সমীপৰ খোৱাং মণিপথাৰৰ উদীয়মান ভাস্কৰ্য শিল্পী চন্দন গগৈয়ে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । সৰুৰে পৰা চিত্ৰ কলাৰ প্ৰতি আগ্ৰহী যুৱকজনে উচ্চতৰ মাধ্যমিকৰ শিক্ষা সম্পূৰ্ণ কৰি গুৱাহাটীস্থিত অসমৰ একমাত্ৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লাভ কৰে ।

পিতৃ পূৰ্ণকান্ত গগৈ আৰু মাতৃ নিৰু গগৈৰ জ্যেষ্ঠ সন্তান চন্দন গগৈয়ে ঘৰতে সাজি লৈছে এটি কাৰখানা । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, হাৰিয়ানাতো প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে চন্দন গগৈয়ে । ভাস্কৰ্য শিল্পৰ দ্বাৰা আত্মনিৰ্ভৰশীল হোৱা যুৱকজন নৱ প্ৰজন্মৰ বাবেও হৈ পৰিছে এক আদৰ্শ ।

ভাস্কৰ্য শিল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা মৰাণৰ এগৰাকী শিল্পী

2010 চনৰ পৰাই ভাস্কৰ্য শিল্পক পেচা হিচাপে লোৱা চন্দন গগৈয়ে মহাত্মা গান্ধী, ড° এ পি জে আব্দুল কালাম, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা আদি মহান ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে বহু বিশ্ব বিখ্যাত ব্যক্তিৰো প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আহিছে ।

আনহাতে যুৱকজনে জনোৱা অনুসৰি, প্ৰতিমূৰ্তি নিৰ্মাণ কৰিয়ে তেওঁ সুন্দৰকৈ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে । বৰ্তমানেও তেওঁ বহু কেইজন ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে ।

উল্লেখ্য যে, বহু সামাজিক কামৰ সৈতে জড়িত চন্দন গগৈ বৰ্তমান মৰাণ সমষ্টি উন্নয়ণ পৰিষদৰ সভাপতি হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক : মৰাণত পথ নিৰ্মাণকাৰ্যত ব্য়াপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.