ETV Bharat / state

Cabinet Meeting in Dibrugarh : তেজপুৰতো ৰাজভৱন নিৰ্মাণৰ সিদ্ধান্ত অসম চৰকাৰৰ

author img

By

Published : Jan 30, 2023, 8:14 PM IST

Cabinet Meeting in Dibrugarh
ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

প্ৰথমবাৰৰ বাবে সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰত অনুষ্ঠিত হ’ল অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam cabinet meeting in Dibrugarh)৷ কেবিনেটত লোৱা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ২৪ এপ্ৰিলত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত 15 হাজাৰ বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিব বিহু নৃত্য ৷

ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

ডিব্ৰুগড়, 30 জানুৱাৰী : ৰাজ্যৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত হ'ল ঐতিহাসিক ডিব্ৰুগড় চহৰ ৷ তদানীন্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়ত প্ৰথমবাৰলৈ সোমবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক (Assam cabinet meeting in Dibrugarh)৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক বাদ দি আন সকলো ৰাজ্যিক কেবিনেট মন্ত্ৰীয়ে ডিব্ৰুগড়ৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে ৷

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ(Dibrugarh DC office) সভাগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত বহুকেইটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সোমবাৰে বিয়লি প্ৰায় ৪ বজাৰ পৰা অনুষ্ঠিত বৈঠকৰ অন্তত উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ঘোষণা কৰা হয় ৷ সিদ্ধান্ত অনুসৰি ফেব্ৰুৱাৰী মাহত ওডালগুৰিত অনুষ্ঠিত হ'ব অসম মন্ত্ৰীসভাৰ কেবিনেটৰ বৈঠক (Assam cabinet meeting in Udalguri)৷ গুৱাহাটীৰ বাহিৰত চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখনেই হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক ৷

মাৰ্চ মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈকে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশন আৰু ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতিৰ বাবে গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত স্থগিত ৰাখিছে ৷ ছেপ্তেম্বৰ মাহৰ পাছতহে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ'ব অসমৰ ৰাজ্যিক কেবিনেটৰ বৈঠক ৷ ইফালে ১০ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিবেশন ৷ ১৬ মাৰ্চত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog financial budget)৷

সোমবাৰে কেবিনেট বৈঠকত আন বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ৰাজ্যখনত ফুলৰ চাহিদা বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব 'ষ্টেট ফ্ল’ৰিকেল মিছন' ৷ আৰম্ভনিতে এই প্ৰকল্পত প্ৰায় ২০ হাজাৰ কৃষকক জড়িত কৰিব পৰাকৈ ১০০০ কোটি টকাৰ অনুমোদন জনাইছে অসম ৰাজ্যিক কেবিনেটে ৷ সেইদৰে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ পদবীৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ বিহুক ৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালীভাৱে উপস্থাপন কৰাৰ বাবেও ৰাজ্য চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

২৪ এপ্ৰিলত গুৱাহাটীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi Assam visit) আৰু সেই দিনটোতেই প্ৰধানমন্ত্ৰীৰ সন্মুখত ৰাজ্যৰ দহৰ পৰা পোন্ধৰ হাজাৰ বিহুৱা-বিহুৱতীয়ে একেলগে প্ৰদৰ্শন কৰিব বিহু (Bihu dance in front of PM Modi) ৷ ইতিমধ্যে এই ব্যৱস্থাপনা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে কেবিনেট পৰ্যায়ৰ এখন সমিতি গঠন কৰি দিয়ে ৷

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি এই সমিতিত থাকিব সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ এই বৃহৎ বিহু অনুষ্ঠান অনুষ্ঠিত হ'ব সৰুসজাইত ৷ ৰাজ্যৰ আৰক্ষী থানাসমূহ অত্যাধুনিক কৰাৰ বাবে ৰূপায়ণ কৰা মৈত্ৰী আঁচনিলৈ বৃহৎ পৰিমাণৰ পুঁজি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তিনিশ কোটি টকা মৈত্ৰী আঁচনিৰ বাবে প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্যত এতিয়াও নিৰ্মাণ হ'বলগীয়া আৰক্ষী থানাসমূহ শীঘ্ৰেই নিৰ্মাণ হৈ উঠিব ৷আনহাতে উত্তৰ অসমৰ মধ্যস্থল তেজপুৰতো ৰাজভৱন (Raj Bhavan in Tezpur) নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেট বৈঠকত ৷

লগতে পঢ়ক: Assam Cabinet in Dibrugarh: মুখ্যমন্ত্ৰীক লগ নাপাই হিয়াভঙা কান্দোন বিশেষভাৱে সক্ষম যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.