ETV Bharat / state

Assam Cabinet in Dibrugarh: মুখ্যমন্ত্ৰীক লগ নাপাই হিয়াভঙা কান্দোন বিশেষভাৱে সক্ষম যুৱতীৰ

author img

By

Published : Jan 30, 2023, 6:28 PM IST

মামাক এবাৰ লগ কৰাৰ হাবিয়াস । তাৰ বাবেই ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত ভিৰ বিশেষভাৱে সক্ষম যুৱক-যুৱতীৰ । কিন্তু লগ কৰাৰ সুযোগ নাপাই হিয়াভঙা কান্দোন বিশেষভাৱে সক্ষম যুৱতীৰ । উল্লেখ্য আজি ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam cabinet in Dibrugarh) ।

Assam Cabinet in Dibrugarh
Assam Cabinet in Dibrugarh

মামাক লগ ধৰিব নোৱাৰি দুখিত এগৰাকী বিশেষভাৱে সক্ষম যুৱতী

মৰাণ, ৩০ জানুৱাৰী : সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক (Assam cabinet in Dibrugarh) । এই উপলক্ষে ডিব্ৰুগড়ত এতিয়া উখল-মাখল পৰিৱেশ । অসম মন্ত্ৰীসভাৰ প্ৰতিনিধিবৰ্গ ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে । আনহাতে, কেবিনেট বৈঠকলৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা অহাৰ খবৰ পোৱাৰ পাচতে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষমসকলে (CM Himanta Biswa Sarma at Dibrugarh cabinet) ।

সকলোৰে এটাই আশা, মুখ্যমন্ত্রীক ওচৰৰ পৰা লগ কৰি নিজৰ সমস্যাৰ কথা কোৱাৰ । কিন্তু নিৰাপত্তাজনিত কাৰণত ডিব্ৰুগড় জিলা উপাযুক্ত কাৰ্যালয়ত কাকো প্ৰৱেশৰ অনুমতি দিয়া নাই আৰক্ষীয়ে (specially able youths to meet CM of Assam) । ফলত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে অসহায়ভাৱে ৰখি থাকিবলগা হৈছে এই বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকল । আনহাতে, মুখ্যমন্ত্রীক লগ কৰাৰ অনুমতি লাভ নকৰি সংবাদ মাধ্যমৰ আগত হিয়া ঢাকুৰি কান্দিছে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীয়ে ।

ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী ডিব্ৰুগড়লৈ মুখ্যমন্ত্রী আহোঁতে তেওঁ লগ কৰিবলৈ আহিছিল যদিও আৰক্ষীয়ে লগ কৰাৰ কোনো সুবিধা নিদিলে । সেয়ে এইবাৰ অতি আশাৰে ৰেখা চুৱে নামৰ যুৱতীগৰাকী মুখ্যমন্ত্ৰীক এবাৰ সাক্ষাত কৰিবলৈ আহিও পুনৰ উপায়ুক্ত কাৰ্যালয়ৰ ভিতৰলৈ সোমাবলৈ অনুমতি লাভ নকৰাত কান্দোনত ভাগি পৰিছে । আনহাতে, যুৱতীগৰাকীৰ লগতে আন বহুজনে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰীক লগ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য, সোমবাৰে দুপৰীয়াৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) সভাপতিত্বত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেট বৈঠক । ডিব্ৰুগড় জিলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এই বৈঠক ৷ যাৰ বাবে এতিয়া মন্ত্ৰী-আমোলাৰে মিনি দিছপুৰলৈ পৰিণত হৈছে ডিব্ৰুগড় চহৰ ৷ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ লগতে ৰাজ্যবাসীৰ বাবে কেইবাটাও নতুন পৰিকল্পনা মুখ্য়মন্ত্ৰীয়ে ঘোষণা কৰাৰ আশা কৰা হৈছে ৷

আনহাতে, ৰাজ্যিক কেবিনেট বৈঠকৰ বাবে নিৰাপত্তাকে আদি কৰি সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছে ডিব্ৰুগড় জিলা প্ৰশাসনে । উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত কেবিনেট বৈঠকখনত অংশগ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে । ইয়াৰ অন্তত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্মিত ফুট অভাৰব্ৰীজখনৰো শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ বৈৰাগীমথত টাই এডুকেচন এণ্ড কালচাৰেল চেণ্টাৰৰো শুভ উদ্বোধন কৰিব । লগতে মাইজানত জলসম্পদ বিভাগৰ এটা অতিথিশালা উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :Congress AIUDF alliance: কংগ্ৰেছ এ আই ইউ ডি এফক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.