ETV Bharat / state

GP Singh tweet: অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ; বিৰোধী নেতাৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 2:10 PM IST

Etv Bharat
Etv Bharat

এ এছ পি শুভলক্ষ্মী দত্তৰ গৃহত আৰক্ষী বিষয়াগৰাকীৰ দ্বাৰা অত্যাচাৰৰ বলি হোৱা কিশোৰীগৰাকীৰ স্বাস্থ‍্যৰ বুজ লয় কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেবব্ৰত শ‌ইকীয়া সহ কংগ্ৰেছৰ জ‍্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতা পৱন সিং ঘাটোৱাৰে । ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানে এ এছ পি দত্তক ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিছে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ

গুৱাহাটী, 30 আগষ্ট : ৰাজ্যত এটাৰ পাচত আন এটা নাৰীজনিত অপৰাধৰ ঘটনা সংঘটিত হৈছে । শেহতীয়াকৈ চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) শুভলক্ষ্মী দত্তই তেওঁৰ ঘৰত বনকৰা এগৰাকী কিশোৰীৰ শৰীৰত গৰম পানী ধালি অত্যাচাৰ চলোৱাৰ জঘন্য ঘটনা পোহৰলৈ আহিছিল ৷ এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনাই এতিয়া আৰক্ষীৰ গৃহতে মহিলা সুৰক্ষিত নোহোৱাৰ প্ৰশ্ন উত্থাপন কৰিছে ।

পৰৱৰ্তী সময়ত এ এছ পি শুভলক্ষ্মী দত্তৰ গৃহত আৰক্ষী বিষয়াগৰাকীৰ দ্বাৰা অত্যাচাৰৰ বলি হোৱা কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ আস্থা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ডিব্ৰুগড়ৰ আস্থা নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা অৱস্থাত মঙলবাৰে নিশা কিশোৰীগৰাকীৰ স্বাস্থ‍্যৰ বুজ লয় কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেবব্ৰত শ‌ইকীয়াসহ কংগ্ৰেছৰ জ‍্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতা পৱন সিং ঘাটোৱাৰে ।

কিশোৰীগৰাকীৰ স্বাস্থ্যৰ শোচনীয় অৱস্থা প্ৰত‍্যক্ষ কৰি দেবব্ৰত শ‌ইকীয়াই কয়, বিজেপিৰ হৈ কাম কৰা মহিলাকেই যদি সুৰক্ষা দিব নোৱাৰে চৰকাৰে সাধাৰণ মহিলাৰ সুৰক্ষাৰ বাবে কি কাম কৰিব ?

এই ঘটনা শীৰ্ষ আৰক্ষী বিষয়াৰ জৰিয়তে তদন্তৰ ব্যৱস্থা কৰিবলৈও তেওঁ দাবী জনায় । লগতে আৰক্ষী বিষয়াগৰাকীক বৰ্তমানলৈকে আটক কৰিব নোৱাৰাৰ বাবে আৰক্ষী তথা চৰকাৰৰ স্থিতিত সন্দেহ প্ৰকাশ কৰে কংগ্রেছী নেতাগৰাকীয়ে ৷ লগতে নেতাগৰাকীয়ে কয় যে, অসমৰ মহিলাক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মহিলা হত্যা আৰু নিৰ্যাতনৰ দিশত দেশৰ ভিতৰত অসম পাঁচ নম্বৰত আছে, যিটো দুৰ্ভাগ্যৰ বিষয় ।

উল্লেখযোগ্য যে, ভুক্তভোগীগৰাকীৰ পৰিয়ালৰ লোক আৰু আদিবাসী ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ এজাহাৰৰ ভিত্তিত নাজিৰা থানাত ৩৬/২০২৩ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ অধীনৰ ৩২৪/৩৪২ ধাৰা পঞ্জীয়ন কৰি কেচ ৰুজু কৰা হৈছে ৷

  • Reference Nazira incident of assault of house maid - Smt Subhalakshmi Dutta, Additional Superintendent of Police (Border) Charaideo is closed to @assampolice Hq with immediate effect in the interest of fair investigation. Further action would be taken on receipt of Departmental…

    — GP Singh (@gpsinghips) August 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইটাৰযোগে প্ৰকাশ কৰে যে অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) শুভলক্ষ্মী দত্তক বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ প্ৰসংগত ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷ অসম আৰক্ষীৰ উত্তৰ-পূব অঞ্চলৰ আইজিপিৰ দ্বাৰা কৰা বিভাগীয় অনুসন্ধানৰ পিচতহে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি টুইটত উল্লেখ ৷

লগতে পঢ়ক: Debabrata Saikia: ১০০ খন কেবিনেটৰ সিদ্ধান্তক লৈ শ্বেতপত্ৰ দাবী বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.