ETV Bharat / state

এতিয়াও নিশ্চিত হোৱা নাই গৌৰৱ গগৈৰ সমষ্টি

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 9:09 PM IST

Booth level training of Congress in Sonari
সোণাৰিত সমষ্টি ভিত্তিত বুথ পৰ্যায়ৰ প্ৰশিক্ষণ

Congress Meeting: সোণাৰিৰ ৰাজীৱ ভৱনত সমষ্টি ভিত্তিত বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্টৰ প্ৰশিক্ষণ । এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাচনি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰিলে মন্তব্য় ।

সোণাৰিত সমষ্টি ভিত্তিত বুথ পৰ্যায়ৰ প্ৰশিক্ষণ

মৰাণ, ২৩ ডিচেম্বৰ: সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰিছে বিকশিত ভাৰত সংকল্প যাত্ৰা । শাসক দলৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক প্ৰকাৰে লোকসভা নিৰ্বাচনৰ বাবে দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে ।

পিছ পৰি থকা নাই বিৰোধী কংগ্ৰেছ দল । ৰাইজৰ মাজলৈ গৈ চৰকাৰী আঁচনিৰ কথা ক'ব নোৱাৰিলেও বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্ট সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি কংগ্ৰেছ কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিছে ।

আজি সোণাৰিৰ ৰাজীৱ ভৱনত আয়োজন কৰা হয় সমষ্টি ভিত্তিত বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্ট সকলৰ প্ৰশিক্ষণ শিবিৰ । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । এই অনুষ্ঠানতে দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

ইয়াৰ মাজতেই ভূপেন বৰাই লোকসভা নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এতিয়ালৈকে যোৰহাট লোকসভা সমষ্টিত ৫ জনে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে । তেওঁলোকৰ নাম ইতিমধ্যে জিলা আৰু ব্লক সমূহলৈ প্ৰেৰণ কৰা হৈছে । তেওঁলোকৰ পৰা মতামত লৈ কংগ্ৰেছ হাইকমাণ্ডলৈ প্ৰতিটো সমষ্টিৰ পৰা তিনিজনীয়া তালিকা প্ৰেৰণ কৰা হ'ব ।"

মাঘ বিহুৰ পাছতে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি কয় কংগ্ৰেছ সভাপতি ভূপেন বৰাই । ইপিনে, সাংসদ গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "গৌৰৱ গগৈয়ে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে যদিও কোনটো সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব এতিয়াও নিশ্চিত হোৱা নাই ।"

লগতে পঢ়ক:নতুন বছৰত ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ বাবে আহিব বেয়া খবৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.