নতুন বছৰত ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ বাবে আহিব বেয়া খবৰ !

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 7:00 PM IST

thumbnail

যোৰহাট, ২৩ ডিচেম্বৰ: চৰকাৰী সুলভ মূল্যৰ দোকানৰ লাইচেন্সযুক্ত এজেন্টসকলে অহা ১ জানুৱাৰীৰ পৰা সুলভ মূল্যৰ ৰেচন সংগ্ৰহ আৰু বিতৰণ বন্ধ কৰিব । চৰকাৰে প্ৰাপ্যৰ দাবী কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত এই সিদ্ধান্ত লৈছে এজেন্টসকলে ৷ তেওঁলোকৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ন্য়ূনতম সা-সুবিধা প্ৰদান নকৰা আৰু দীৰ্ঘদিনে কৰি অহা প্ৰাপ্যৰ দাবী কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত এইদৰে অসহযোগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।  

১ জানুৱাৰীৰ পৰা সুলভ মূল্যৰ ৰেচন সংগ্ৰহ আৰু বিতৰণ বন্ধৰ বাবে সদৌ ভাৰত সুলভ মূল্যৰ দোকানৰ এজেন্ট সন্থাই গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে যোৰহাট জিলাৰ সুলভ মূল্যৰ দোকানৰ এজেন্টসকলে । শনিবাৰে তিতাবৰত যোৰহাট জিলাৰ এজেন্টসকলৰ মাজত অনুষ্ঠিত এক সভাত সৰ্বভাৰতীয় পৰ্যায়ত ঘোষণা কৰা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগৱঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

তাপৰ্যপূৰ্ণ যে সুলভ মূল্যৰ এজেন্টসকলক মাহিলী ৫০ হাজাৰ টকাকৈ পাৰিতোষিক আদায়, এজেন্টসকলৰ বাবে বীমা কৰোৱা, চৰকাৰী সুলভ মূল্যৰ দোকানত দৈনন্দিন ব্যৱহৃত আন সামগ্ৰীৰ বিক্ৰীৰ অনুমতি প্ৰদান কৰাকে আদি কৰি কেইবাটাও প্ৰাপ্য দাবীৰ সমৰ্থনত এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ ভাৰত সুলভ মূল্যৰ দোকানৰ এজেন্ট সন্থাই । 

চৰকাৰে যদি সুলভ মুল্যৰ দোকানী সকলৰ প্ৰাপ্য দাৱী ৩১ ডিচেম্বৰৰ ভিতৰত পূৰণ কৰিলে উক্ত আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিব । অন্যথা সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছে ।

লগতে পঢ়ক:বাল্যবিবাহ, বহুবিবাহৰ পৰা আৰম্ভ কৰি বিশ্ব ৰেকৰ্ডলৈকে; ২০২৩ বৰ্ষত চৰ্চাৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.