ETV Bharat / state

ঘৰৰ ভিতৰত ভাত ৰান্ধি থাকিলে এতিয়া আৰু নহ'ব, ৰাইজ ওলাই আহক : অখিল গগৈ

author img

By

Published : Dec 10, 2019, 12:58 PM IST

11 ডিচেম্বৰত অসম অচল কৰিবলৈ আহ্বান অখিল গগৈৰ ৷ কাইলৈ অসমৰ সমগ্ৰ ৰাইজক ৰাজপথলৈ ওলাই আহি অসমৰ প্ৰশাসন ব্যৱস্থাক অচল কৰি দিবলৈ আহ্বান অখিল গগৈৰ ৷

akhil gogoi cab protest at Dibrugarh
অখিল গগৈৰ কেব বিৰোধী প্ৰতিবাদ


ডিব্ৰুগড়,10 ডিচেম্বৰঃ কাইলৈ অৰ্থাৎ 11 ডিচেম্বৰত অসম অচল কৰি দিবলৈ আহ্বান জনালে অখিল গগৈয়ে । ৰাজ্যৰ সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাক অচল কৰি দিবলৈ আহ্বান ৰাজ্যবাসীক ।

অখিল গগৈৰ কেব বিৰোধী প্ৰতিবাদ
অসমৰ ৰে'লপথ,ৰাজপথ,বিমান,চৰকাৰী প্ৰত্যেকটো কাৰ্যালয় অচল কৰি প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান অখিলৰ । মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ পৰা অসমৰ ৰাইজলৈ এই আহ্বান জনায় অখিল গগৈয়ে ৷ "ঘৰৰ ভিতৰত ভাত ৰান্ধি থাকিলে এতিয়া আৰু নহ'ব, ৰাইজ ওলাই আহক" ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে অখিল গগৈয়ে ৷ ডিব্ৰুগড়ত ঠায়ে ঠায়ে হৈ থকা প্ৰতিবাদত অংশ গ্ৰহণ কৰি 11 তাৰিখে ৰাতিপুৱা ৰাজ্যসভাত সম্পূৰ্ণৰূপে কেব গৃহীত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, ৰাজ্যবাসীক এইদৰে ওলাই আহিবলৈ আহ্বান অখিল গগৈৰ ৷

লগতে পঢ়কঃCAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

Intro:কাইলৈ 11 ডিচেম্বৰত অসম অচল কৰি দিবলৈ আহ্বান জনালে অখিল গগৈয়ে। ৰাজ্যৰ সমগ্ৰ ৰাজ প্ৰশাসনিক ব্যৱস্থাক অচল কৰি দিবলৈ আহ্বান ৰাজ্যবাসীক।
অসমৰ ৰেলপথ,ৰাজপথ,বিমান,চৰকাৰী প্ৰত্যেকটো কাৰ্যালয় অচল কৰি প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান অখিলৰ।মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ পৰা এই আহ্বান অসমৰ ৰাইজলৈ অখিলৰ "ঘৰৰ ভিতৰত ভাত ৰান্ধি থাকিলে এতিয়া আৰু নহ'ব, ৰাইজ ওলাই আহক।"

কাইলৈ
ৰাতিপুৱাৰ ৰাজ্যসভাত সম্পূৰ্ণৰূপে কেব গৃহিতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, ৰাজ্যবাসীক এইদৰে ওলাই আহিবলৈ আহ্বান অখিলৰ ডিব্ৰুগড়ত ঠায়ে ঠায়ে হৈ থকা প্ৰতিবাদত অংশ গ্ৰহণ কৰি।


Byte:অখিল গগৈ Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.