ETV Bharat / state

Assam municipal election 2022: পৌৰসভা নিৰ্বাচনক লৈ ডিব্ৰুগড়ত অগপ দলৰ তৎপৰতা

author img

By

Published : Jan 30, 2022, 7:04 PM IST

পৌৰসভা নিৰ্বাচনক লৈ ৰাজ্যত বিশেষ তৎপৰতা বৃদ্ধি পাইছে । বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত চৰ্চা চলি থকাৰ মাজতে ডিব্ৰুগড়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অগপ । আহি থকা নিৰ্বাচনক লৈ ডিব্ৰুগড়ত অনুষ্ঠিত হয় অগপৰ বিশেষ বৈঠক (AGP meeting in Dibrugarh over municipal elections)। চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ ঘোষণা বিজেপিৰে একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অগপ ।

Assam municipal election 2022
পৌৰসভা নিৰ্বাচনক লৈ ডিব্ৰুগড়ত অগপ দলৰ তৎপৰতা

মৰাণ,৩০ জানুৱাৰী : আহি থকা পৌৰ সভা নিৰ্বাচনক(Assam municipal election 2022) লৈ ইতিমধ্যে ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । ৰাজ্যৰ পৌৰ সভা এলেকাসমূহত দলসমূহে সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত আছে । ইয়াৰ মাজতে এই নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰতাক লৈও বিভিন্ন মহলত প্ৰশ্ন উঠিছে । বিজেপিয়ে অকলে এই নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে যদিও কোনো কোনো স্থানত অগপক আসন এৰি দিয়াৰো খবৰ ওলাইছে ।

পৌৰসভা নিৰ্বাচনক লৈ ডিব্ৰুগড়ত অগপ দলৰ তৎপৰতা

যাৰ বাবে ডিব্ৰুগড়ত অগপ দলে প্ৰস্তুত কৰিছে ৰণকৌশল । ডিব্ৰুগড়ৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় (AGP meeting in Dibrugarh over municipal elections)। চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত আটাইকেইটা ৱাৰ্ডত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক যাতে বিজয়ী কৰাব পাৰি সেই সম্পৰ্কতো পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা জানিবলৈ দিছে বিধায়কগৰাকীয়ে । তেওঁৰ মতে বিজেপিৰে একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অগপ ।

ইফালে ডিব্ৰুগড়কে ধৰি আটাইকেইটা পৌৰসভাতে অগপৰ সাংগঠনিক কাম-কাজ আৰম্ভ কৰা হৈছে । পৌৰসভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত ৰাজ্যিক ভিত্তিত আলোচনা কৰি থকাৰ কথা জানিবলৈ দি জিলা ভিত্তিত আসন ভাগ-বটোৱাৰাৰ সন্দৰ্ভত ইতিমধ্যে প্ৰাৰম্ভিক আলোচনা সম্পূৰ্ণ কৰি তোলা বুলি প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে । দুই-এদিনৰ ভিতৰতে অগপ-বিজেপিৰ জিলাৰ বিষয়ববীয়াৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

অগপই সমাজত গ্ৰহণযোগ্যতা থকা আৰু ৰাইজৰ হৈ কাম কৰা ব্যক্তিক হে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলিও স্পষ্ট কৰি দিয়ে অগপৰ বিধায়কগৰাকীয়ে । ডিব্ৰুগড় জিলা অগপৰ সভাপতি আদিত্য গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাতে ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত অসম ছাত্র পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয়ী হোৱা প্ৰতিনিধিসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় । এই সভাত অগপৰ বহুকেইগৰাকী বিষয়ববীয়াও উপস্থিত থাকে ।

লগতে পঢ়ক :এগৰাকী বড়ো ব্যক্তি ৰাজ্যসভালৈ যোৱাতো বিচাৰে প্ৰমোদ বড়োৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.