ETV Bharat / state

আদৰ্শ গাঁও হ'ব অভয়পুৰীয়াৰ বঙালী গাঁও

author img

By

Published : Feb 10, 2021, 10:42 PM IST

Updated : Feb 10, 2021, 10:57 PM IST

অসম আদৰ্শ গ্ৰাম যোজনা ২০২০-২১ৰ অধীনত অভয়পুৰীয়া বঙালী গাঁৱক আদৰ্শ গাঁও হিচাপে স্থাপন কৰাৰ বাবে প্ৰথম পৰ্যায়ত ৫০ লাখ টকাৰে ৭ টা আঁচনিৰ কামৰ শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

আদৰ্শ গাঁও হ'ব অভয়পুৰীয়াৰ বঙালী গাঁও
আদৰ্শ গাঁও হ'ব অভয়পুৰীয়াৰ বঙালী গাঁও

মৰাণ,১০ ফেব্ৰুৱাৰী: অসম আদৰ্শ গ্ৰাম যোজনা ২০২০-২১ৰ অধীনত ডিব্ৰুগড় জিলাৰ অভয়পুৰীয়া বঙালী গাঁৱক আদৰ্শ গাঁৱ হিচাপে স্থাপন কৰাৰ বাবে কাম আৰম্ভ কৰা হয় । আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৫০ লাখ টকাৰে উল্লেখনীয় ৭ টা আঁচনিৰ কামৰ বুধবাৰে শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

ইফালে তিলৈ নগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বঙালী গাঁৱক অসম চৰকাৰে আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসত গাঁওবাসী আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে । যাৰ বাবে আনন্দিত ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক গায়ন-বায়নেৰে আগবঢ়াই নিয়ে ।

লগতে পঢ়ক:মৰাণৰ মাৰোৱাৰী যুৱ মঞ্চৰ কাৰ্য্যালয়ত বিনামূলীয়া ৰক্তদান শিবিৰ

Last Updated :Feb 10, 2021, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.