ETV Bharat / state

চৰকাৰে স্থিতি সলনি নকৰা পৰ্যন্ত ABVPয়ে কৰি যাব প্ৰতিবাদ

author img

By

Published : Aug 31, 2022, 12:04 PM IST

Updated : Aug 31, 2022, 1:32 PM IST

ABVP
চৰকাৰে স্থিতি সলনি নকৰা পৰ্যন্ত ABVPয়ে কৰি যাব প্ৰতিবাদ

চৰকাৰী বিদ্যালয়ৰ মাধ্যম বিতৰ্ক বৰ্তমান চৰ্চাত আছে । তাৰ মাজতে শাসকীয় বিজেপি আৰু ABVPৰ সংঘাতেও বিশেষ গুৰুত্ব পাইছে (Clashes between BJP and ABVP)। পুনৰ ABVPৰ ঘোষণা মাধ্যম সন্দৰ্ভত চৰকাৰে স্থিতি সলনি নকৰা পৰ্যন্ত সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব । আদৰ্শৰ মিল থাকিলেও ABVPয়ে স্বাধীনচিতিয়াভাৱে কাম কৰে ।

মৰাণ,৩১ আগষ্ট : ৰাজ্যৰ শিক্ষা বিভাগে শেহতীয়াকৈ লোৱা কিছুমান সিদ্ধান্তক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চৰকাৰৰ একাংশ সিদ্ধান্তৰ বিৰোধিতা কৰি বহু দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গৈছে । বিশেষকৈ চৰকাৰী বিদ্যালয় বন্ধ আৰু মাধ্যম বিতৰ্কই ৰাজ্যত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে (Assam govt school medium controversy)। ইয়াৰ মাজতে আকৌ চৰকাৰ আৰু ABVP সংগঠনৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হোৱাও দেখা গৈছে ।

বিজেপি ভাতৃ সংগঠন বুলি বহুতে ধাৰণা কৰি আহিছে যদিও শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে সংগঠনটোৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই (BJP ABVP relation)। এইবাৰ ABVP সংগঠনেও সংবাদমাধ্যমৰ আগত কয় যে বিজেপিৰ সৈতে তেওঁলোকৰ আদৰ্শৰ হে মিল আছে । মৰাণ মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভাত অংশগ্ৰহণ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (ABVP) ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাসে কয় যে মাধ্যম বিতৰ্কক লৈ চৰকাৰে নিজৰ স্থিতি সলনি নকৰা পৰ্যন্ত সংগঠনটোৱে আন্দোলন কৰি যাব ।

চৰকাৰে স্থিতি সলনি নকৰা পৰ্যন্ত ABVPয়ে কৰি যাব প্ৰতিবাদ

প্ৰাথমিক শিক্ষা সদায়েই মাতৃভাষাত হোৱাটো সংগঠনটোৱে বিচাৰে । ইতিমধ্যে এই সম্পৰ্কত ৰাজ্যৰ শিক্ষামন্ত্ৰীকো সংগঠনটোৱে স্পষ্টকৈ কৈছে বুলি সম্পাদকগৰাকীয়ে উল্লেখ কৰে । আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ABVPক বিজেপিৰ ভাতৃ সংগঠন নহয় বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে ABVP ৰাজনৈতিকভাৱে বিজেপিৰ লগত নাই আৰু ই এটা স্বতন্ত্ৰ ছাত্ৰ সংগঠন ।

সম্পাদকগৰাকীয়ে লগতে চৰকাৰলৈ দাবী উত্থাপন কৰি কয় যে অসমত শিক্ষাৰ মানদণ্ড উন্নত কৰিবই লাগিব । উল্লেখ্য যে মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱাগত আদৰণি সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মিতালী কোঁৱৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :দিল্লীত লাচিত দিৱস আয়োজনৰ লগতে কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Last Updated :Aug 31, 2022, 1:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.