ETV Bharat / state

AASU protests against OIL : দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ সন্মুখত প্ৰতিবাদ

author img

By

Published : Jul 22, 2023, 2:19 PM IST

অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত জ্বলিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অইলৰ অধ্যক্ষ ৰঞ্জিত ৰথৰ পুত্তলিকা ৷ অইল ইণ্ডিয়াৰ কাৰিকৰী পদৰ লিখিত পৰীক্ষা বাতিল কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ

AASU protests against cancelation of OIL written examination
দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ সন্মুখত প্ৰতিবাদ

ডিব্ৰুগড়, 22 জুলাই : অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে দল-সংগঠন । শনিবাৰৰ পুৱাই অইলৰ বিৰুদ্ধে আছুয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আছু কৰ্মীসকলে । প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে ।

উল্লেখ্য যে অইলে ৰহস্যজনকভাৱে 187 টা কাৰিকৰী পদৰ লিখিত পৰীক্ষা বাতিল কৰা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ কৰা প্ৰয়োজন যে, অইল ইণ্ডিয়া লিমিটেডে চলিত বৰ্ষৰ 28 মাৰ্চত HRAQ/REC/WP/B/2023/66 বিজ্ঞাপনৰ যোগেদি 187 টা কাৰিকৰী পদৰ নিযুক্তিৰ বাবে অইল অধ্যুষিত অঞ্চলৰ প্ৰাৰ্থীৰ পৰা বিচৰা আবেদনৰ ভিত্তিত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰৱেশ পত্ৰ প্ৰদান কৰিছিল ৷ কিন্তু 20 জুলাইৰ নিশা হঠাতে অইলৰ নিজা ৱেবছাইটৰ জৰিয়তে লিখিত পৰীক্ষা বাতিলৰ সিদ্ধান্ত প্ৰকাশ কৰাৰ লগে লগেই বিষয়টোৱে সকলোকে বিমোৰত পেলাইছে ৷

পৰীক্ষাৰ্থীসকলে বহু কষ্টৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু হোৱা সময়ত তাকো মাজত মাত্ৰ 4 টা দিনৰ থকাৰ সময়ত কোনো নিৰ্দিষ্ট কাৰণ নজনোৱাকৈ লিখিত পৰীক্ষা বাতিল কৰা সিদ্ধান্তই পৰীক্ষাৰ্থীসকলৰ লগতে সচেতন মহলৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে । স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলক বঞ্চিত কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক অইল ইণ্ডিয়া লিমিটেডত নিয়োগ কৰিবলৈকে উৰ্দ্ধতম কৰ্তৃপক্ষই এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছুৰ লগতে বিভিন্ন দল- সংগঠনৰ নেতৃত্বই ৷

আছুৰ এই প্ৰতিবাদত অইল ইণ্ডিয়াৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ কাম-কাজ অচল হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষীৰ বাহিনী ।

লগতে পঢ়ক : Miya hate speech : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব সাংসদ অজিত কুমাৰ ভূঞা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.