ETV Bharat / state

বগীবিলত টোলগেট স্থাপনৰ বিৰুদ্ধে আছুৰ ব্যাপক প্ৰতিবাদ

author img

By

Published : Sep 27, 2021, 4:23 PM IST

বগীবিল দলঙৰ সমীপত স্থাপন কৰা টোলগেট মুকলিৰ লগে লগে উত্তৰ আৰু দক্ষিণপৰীয়া লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’ব । ইয়াকে লৈ সোমবাৰে আছুৰ ডিব্ৰুগড় জিলা, ধেমাজি জিলা আৰু লক্ষীমপুৰ জিলা সমিতিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় টোলগেটৰ সমীপত ।

aasu-protest-against-toll-plaza-in-bogibeel
বগীবিলত টোলগেট : আছুৱে কয় ''নামানো আমি''

ডিব্ৰুগড়, 27 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ বগীবিলৰ টোলগেটত প্ৰতিবাদ । আছুৰ ডিব্ৰুগড় জিলা,ধেমাজি জিলা আৰু লক্ষীমপুৰ জিলা সমিতিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদত উত্তাল হ’ল টোলগেটখন । লকডাউনৰ সময়ত সম্পূৰ্ণ হৈ উঠা এই টোলগেট বন্ধ কৰাৰ দাবীত এইদৰে বৃহৎ প্ৰতিবাদ গঢ়ি তুলিলে সংগঠনটোৱে । পিছে টোলগেটৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদৰ পাছত প্ৰতিবাদৰ পাছতো পুনৰ টোলগেট মুকলিৰ বাবে সাজু বিজেপি নেতৃত্বাধীন চৰকাৰ ।

বগীবিলত টোলগেট : আছুৱে কয় ''নামানো আমি''

উল্লেখযোগ্য যে, উত্তৰ পাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি নানা শিক্ষানুষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ বা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে যোৱা দুখীয়া দৰিদ্ৰ লোকসকলক মাধমাৰ সোধাবলৈ এই টোলগেট নিৰ্মাণ কৰা হৈছে বুলিও উত্থাপিত হৈছে অভিযোগ । উজনি অসমৰ উত্তৰ আৰু দক্ষিণ দিশক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰা বহু প্ৰত্যাশিত বগীবিল দলং উদ্বোধনৰ পাছতেই অৱসান ঘটিছিল দুয়োপাৰৰ জনসাধাৰণৰ দুৰ্বিসহ যাতায়ত ।

কিন্তু দলং সম্পূৰ্ণ হোৱাৰ দুবছৰ পাছতে এতিয়া টোলগেট মুকলিৰ দিশে চৰকাৰ সাজু হৈ উঠাত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা , ধেমাজি জিলা ছাত্ৰ সন্থা আৰু লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাই যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰে ।

মন কৰিব লগীয়া যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ দ্বাৰা ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাইপথৰ বগীবিল দলঙৰ সমীপৰ দক্ষিণপাৰে ৯ কোটি ৫৮ লাখ ৭১ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে এই টোলগেটখন । ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি তোলাৰ সময়তে জনসাধাৰণৰ মূৰত ৰাম টাঙোন শোধাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতাধীন চৰকাৰে বগীবিলত স্থাপন কৰা এই টোলগেটক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বগীবিল দলঙৰ সমীপত স্থাপন কৰা টোলগেট মুকলিৰ লগে লগে উত্তৰ আৰু দক্ষিণপৰীয়া লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’ব । উজনিৰ ধেমাজি, লক্ষীমপুৰকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৬০ শতাংশ লোক ব্যৱাসায় বা শিক্ষা, চিকিৎসাৰ কামত ডিব্ৰুগড়লৈ দৈনিক অহা-যোৱা কৰে । উত্তৰপাৰৰ পৰা ৮০ শতাংশ শাক-পাচলি বিক্ৰীৰ বাবেও নিয়া হয় ডিব্ৰুগড়লৈ । তেনেস্থলত টোলগেট স্থাপনৰ জৰিয়তে সাধাৰণ লোকসকলৰ পৰা টোল কৰ সংগ্ৰহ কৰি তেওঁলোকক জুৰুলা কৰিবৰ চেষ্টা চলোৱা হৈছে বুলি এতিয়া অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.