ETV Bharat / state

মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা

author img

By

Published : Nov 4, 2020, 5:59 PM IST

শিক্ষা বিভাগে মহাবিদ্যালয় খোলাৰ নিৰ্দেশ দিয়াৰ পিছতো মৰাণ মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা তাকৰ। ৬ মাহ ধৰি মহাবিদ্যালয়খন ক'ভিড কেয়াৰ চেন্টাৰ হিচাপে ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে। ক'ভিড কেয়াৰ চেন্টাৰ আঁতৰাই চেনিটাইজ কৰাৰ পিছতো মহাবিদ্যালয়খনলৈ অহা নাই ছাত্ৰ-ছাত্ৰী।

মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা
মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা

মৰাণ, ৪ নৱেম্বৰ: শিক্ষানুষ্ঠান খোলাৰ তৃতীয় দিনাও মৰাণ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা। যোৱা ২ নৱেম্বৰত স্বাস্থ্যবিধি মানি শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ দিছিল শিক্ষা বিভাগে। বিভাগীয় নিৰ্দেশমৰ্মে মৰাণ মহাবিদ্যালয় কৰ্তৃপক্ষও পাঠদানৰ বাবে সাজু হৈছিল। কিন্তু পূৰ্বৰ দৰে শিক্ষাৰ্থী মহাবিদ্যালয়লৈ অহা নাই।

মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা
মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা

বিগত ৬ মাহ ধৰি স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে মহাবিদ্যালয়খনত ক'ভিড কেয়াৰ চেন্টাৰ স্থাপন কৰিছিল। বৰ্তমান ক'ভিড কেয়াৰ চেন্টাৰ আঁতৰাই চেনিটাইজ কৰা হৈছে শ্ৰেণীকোঠা, মহাবিদ্যালয় চৌহদ আদি সকলো।

মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা
মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা

মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰী প্ৰৱেশ কৰাৰ আগতে হাত ধোৱা, সামাজিক দুৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান কৰা, ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ উষ্ণতা পৰীক্ষা আদিৰ ব্যৱস্থা কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই। কিন্তু আজি তৃতীয় দিনাও মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি তেনেই তাকৰ বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা
মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা

সোমবাৰৰ পৰা মহাবিদ্যালয় আৰম্ভ হৈছিল যদিও মহাবিদ্যালয় খোলাৰ দিনাৰ তুলনাত দ্বিতীয়, তৃতীয় দিনা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হ'ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই আশা কৰিছিল যদিও সেয়া হৈ নুঠিল । প্ৰায় ১৫০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা মহাবিদ্যালয়খনত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত নোহোৱাত চিন্তিত হৈ পৰিছে মহাবিদ্যালয় কৰ্ত্তৃপক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল ।
লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কেন্দ্ৰীয় সমিতিৰ অন্তিম কাৰ্যনিৰ্বাহক বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.