ETV Bharat / state

Cattle seized : দক্ষিণ শালমাৰাত ভাৰত-বাংলাদেশ সীমান্তত জব্দ চোৰাং গৰু

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:45 PM IST

Smuggled Cattle Seized at India Bangladesh Border
দক্ষিণ শালমাৰাত জব্দ চোৰাং গৰু

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত জব্দ বৃহৎ সংখ্যক চোৰাং গৰু ৷ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ পৃথক অভিযানত জব্দ ২৯ টাকৈ পশুধন ৷

ধুবুৰী, 24 ছেপ্টেম্বৰ : দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত জব্দ বৃহৎ সংখ্যক চোৰাং গৰু ৷ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ পৃথক অভিযানত জব্দ ২৯ টাকৈ পশুধন ৷

ৰাজ্যত গো সুৰক্ষা আইন বলবৎ হৈ থকাৰ সময়তো বন্ধ হোৱা নাই পশুধনৰ চোৰাং কাৰবাৰ ৷ একাংশ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে আৰক্ষী তথা প্ৰশাসনৰ চকুত ধূলি দি জাকে জাকে গৰু বাংলাদেশলৈ প্ৰেৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ গো সুৰক্ষা আইন, আৰক্ষী তথা প্ৰশাসনৰ চোকা নজৰকো কেৰেপ নকৰি অসাধু চক্ৰই চলাই গৈছে গৰুৰ চোৰাং বেহা ৷

তেনে সময়তে দক্ষিণ শালমাৰা মানকাচৰ জিলাত আৰক্ষী আৰু বি এছ এফৰ পৃথক অভিযানত ২৯ টা পশুধন জব্দ কৰা হয় ৷ তথ্য অনুসৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীৰ উন্মুক্ত এলেকাইদি চোৰাং সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু চালান দিবলৈ লওঁতেই ছুতলামাৰী অঞ্চলৰ পৰা দক্ষিণ শালমাৰা আৰক্ষীয়ে ৭টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ একে সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ টহলদাৰী দল এটাই সীমান্তৰ মহমায়াৰ চৰ অঞ্চলৰ পৰা ১২ টা আৰু বৰেৰ আলগা সীমান্ত অঞ্চলৰ এটা চৰৰ পৰা আৰু ১০ টা গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ৭ টা চোৰাং গৰু জব্দ কৰাৰ বিপৰীতে সীমান্ত সুৰক্ষা বাহিনীয়ে পৃথক দুটা স্থানৰ পৰা ২২ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, একাংশ আৰক্ষী বিষয়াক মেনেজ কৰাৰ বিপৰীতে একাংশ আৰক্ষীৰ চকুত ধূলি দি বহিঃৰাজ্যৰ পৰা পশুধন সমূহ আনি বিভিন্ন চৰাঞ্চলেৰে বাংলাদেশ সীমান্ত অঞ্চলত জমা কৰা হয় ৷ ইয়াৰ পিছত নিশাৰ ভাগত সুযোগ বুজি উন্মুক্ত সীমান্ত অঞ্চলেদি গৰু সমূহ চোৰাংকৈ পাৰ কৰা হয় বাংলাদেশলৈ।

লগতে পঢ়ক : Drugs seized : বঙাইগাঁৱত জব্দ প্ৰায় পাঁচ লাখ টকাৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.