ETV Bharat / state

SEX RACKET : বিলাসীপাৰাত উৎখাত দেহ ব্যৱসায়ী চক্ৰ

author img

By

Published : Sep 18, 2021, 2:10 PM IST

sex racket busked at Bilasipara
বিলাসীপাৰাত উৎখাত নাৰী দেহ ব্যৱসায়ৰ ঘাটি

ৰাজ্যত প্ৰতিদিনে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত হ’বলৈ ধৰিছে ৷ আৰক্ষীৰ জালত পৰিছে অপৰাধৰ সৈতে জড়িত বহুজন ৷ এইবাৰ বিলাসীপাৰা হাকামাত উৎখাত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি ৷

পশ্চিম বিলাসীপাৰা, 18 ছেপ্তেম্বৰ : অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ স্বত্বেও দিনকদিনে বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ বিশেষকৈ নাৰী দেহ ব্যৱসায়ীৰ(Sex Racket) বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ তথাপিও ৰাজ্যত গোপনে সক্ৰিয় হৈ পৰিছে নাৰী দেহ ব্যৱসায়ী চক্ৰ (women trafficking) ।

নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত

সংস্থাপন দিয়াৰ নামত একাংশ দুষ্টচক্ৰই অসমৰ মহিলাক বিক্ৰী কৰি আহিছে বহিঃৰাজ্যত । আনকি বহু মহিলাক কাম দিয়াৰ নামত বিভিন্ন অজুহাতত অসামাজিক কামত লিপ্ত কৰাই অহাৰ তথ্য বিভিন্ন সময়ত পোহৰলৈ অহা দেখা যায় ৷ সম্প্ৰতি পোহৰলৈ আহিছে তেনে এক ভয়ংকৰ তথ্য । শুকুৰবাৰে নিশা বিলাসীপাৰাৰ হাকামা পেট্ৰ’ল পাম্পৰ ওচৰত হাকামা প্ৰথম খণ্ড গাঁৱৰ আকবৰ আলীৰ ঘৰৰ পৰা স্থানীয় ৰাইজে উৎখাত কৰিবলৈ সক্ষম হয় নাৰীদেহ ব্যৱসায়ী চক্ৰ ৷

লগতে পঢ়ক: INX মিডিয়া গোচৰ : দিল্লীৰ আদালতত পিটাৰ মুখাৰ্জীৰ জামিন আবেদনৰ শুনানি

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, আকবৰ আলী নামৰ এগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি বিভিন্ন ঠাইৰ পৰা মহিলাসকলক আনি নিজ বাসগৃহতে চলাই আহিছিল অসামাজিক কাৰ্য ৷ কিন্তু শুকুৰবাৰে দশা বেয়া আছিল আকবৰ আলীৰ ৷ পূৰ্বৰে পৰা স্থানীয় ৰাইজে খাপ পিতি থাকি হাতে-লোটে আটক কৰে ঘৰৰ গৃহস্থসহ এজন যুৱক আৰু এগৰাকী যুৱতীক । আটকাধীন যুৱকজনৰ নাম বাবুল আলী ৷

sex racket busked at Bilasipara
বিলাসীপাৰাত উৎখাত নাৰী দেহ ব্যৱসায়ৰ ঘাটি

লগতে পঢ়ক: দিল্লী আৰক্ষীৰ তৎপৰতাত মুম্বাইত আটক সন্দেহযুক্ত সন্ত্ৰাসবাদী

কিন্তু চেগ বুজি ৰাইজৰ চকুত ধূলি মাৰি বাবুল আলীয়ে সেই স্থানৰ পৰা বাইক এৰি পলায়ন কৰে । বাইকখনৰ নম্বৰ হৈছে AS 17 A 7339 ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰক্ষী আৰু আটক কৰে ঘৰৰ মালিকসহ যুৱতীগৰাকীক ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

লগতে পঢ়ক: চাপৰমুখত জব্দ ব্ৰাউন চুগাৰ, আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.