ETV Bharat / state

এখন বিদ্যালয়ৰ আন্তঃগাঁঠনিয়ে চিন্তিত কৰিছে অভিভাৱকক

author img

By

Published : Aug 29, 2021, 10:59 PM IST

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে বিদ্যলয়সমূহ খোলাৰ বাবে যো-জা চলাইছে ৷ এনে সময়তে ৰাজ্যৰ একাংশ বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ নমুনাই অভিভাৱকক চিন্তিত কৰি তুলিছে ৷ দুৰ্বল আন্তঃগাঁঠনিৰ বাবে যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এইসমূহ বিদ্যালয়ত ৷
poor infrastructure in school might cause major accident
আন্ত:গাঠনিৰ ভূলৰ বাবে যিকোনো মূহূৰ্ততে দূৰ্ঘটনা ঘটিব পৰা বিদ্যালয়খন

পূৱ বিলাসীপাৰা, 29 আগষ্ট : বৰ্তমান সময়ত ক’ভিড মহামাৰীৰ ফলত বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ । ইতিমধ্যে, ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব ধৰিছে ৷ যাৰ বাবে শিক্ষা বিভাগেও শিক্ষানুষ্ঠানসমূহ খুলিবলৈ যো-জা চলাইছে । কিন্তু, এনে সময়তে ৰাজ্যৰ শিক্ষা বিভাগৰ অন্তৰ্গত একাংশ বিদ্যালয়ত আন্ত:গাঁঠনিৰ উন্নয়নৰ নমুনা দেখিলে সকলোৰে চকু কপালত উঠিব ৷

এখন বিদ্যালয়ৰ আন্তঃগাঁঠনিয়ে চিন্তিত কৰিছে অভিভাৱকক

এনে এখন বিদ্যালয় হৈছে শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত শ্ৰী গ্ৰাম পঞ্চম খণ্ড গাঁৱত অৱস্থিত এখন বিদ্যালয় । বিদ্যালয়খনৰ নাম দলবাৰী অনুসূচিত প্ৰাথমিক বিদ্যালয়, চৰকাৰে বিদ্যালয়সমূহ খুলি দিলেই এইখন বিদ্যালয়লৈ পুনৰ আহিব কণ কণ ছাত্ৰ-ছাত্ৰীসকল । কিন্তু অভিভাৱকে বিদ্যালয়খনত নিজৰ ল'ৰা-ছোৱালীক পঠোৱাৰ আগতে এতিয়া দহবাৰ ভাবিব লাগিব ৷ কিয়নো বিদ্যালয়খন বিদ্যালয় নহৈ এতিয়া যেন এখন মৰণফান্দত পৰিণত হৈছে ৷

এতিয়া যিকোনো মূহুৰ্ততে বিদ্যালয়খনত সংঘটিত হ'ব পাৰে দূৰ্ঘটনা ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পূৰ্বে বিদ্যালয়খনৰ ওখ ভূমিত আছিল যদিও এনে অৱস্থা নাছিল ৷ কিন্তু, ২০২০-২১ বৰ্ষত MGNREGA অধীনত প্ৰায় ১০ লাখ টকা ব্যয় কৰি বিদ্যালয়খনত EARTH FILLING ৰ কাম হৈছে ।

ফলত বিদ্যালয়খন সমতল ভূমিৰ পৰা বৰ্তমানে আছে ১২ পৰা ১৪ ফুট ওপৰত । বিদ্যালয়খনত আছে ৬০ জনতকৈ অধিক কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে দুগৰাকীকৈ শিক্ষক । সম্প্ৰতি ৰাইজে বিদ্যালয় খোলাৰ পূৰ্বে বিদ্যালয়ৰ অৱস্থা সম্পৰ্কত শিক্ষা বিভাগে গুৰুত্ব দিয়াৰ বাবে দাবী জনাইছে ৷ দূৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই উচিত ব্যৱস্থা লোৱাৰ বাবে ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে ৷

লগতে পঢ়ক : ভয়াৱহ বানৰ কৱলত ৰাজ্য; ২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.