ETV Bharat / state

ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল ধুবুৰী চহৰ

author img

By

Published : Dec 15, 2021, 10:36 AM IST

Fire Incident in Dhuburi
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ধুবুৰী

ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল ধুবুৰী চহৰ (Fire Incident in Dhubri) । মঙলবাৰে নিশা ধুবুৰী চহৰৰ মাজমজিয়াৰ কালিবাৰী অঞ্চলৰ এটা জাবৰৰ দমৰ পৰা সূত্ৰপাত ঘটিছিল জুইৰ ৷ যাৰ বাবে আতংকিত হৈ পৰে অঞ্চলবাসী ৷

ধুবুৰী, 15 ডিচেম্বৰ : ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল ধুবুৰী চহৰ (Fire Incident in Dhubri) ৷ মঙলবাৰে নিশা ধুবুৰী চহৰৰ মাজ মজিয়াৰ কালিবাৰী অঞ্চলৰ এটা জাবৰৰ দমৰ পৰা সূত্ৰপাত ঘটিছিল জুইৰ ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক আতংকময় পৰিস্থিতি ৷

কিয়নো জনবসতিপূৰ্ণ অঞ্চল কালিবাৰীৰ এটা অট্টালিকাৰ পিছফালে আছে এই জাবৰৰ দমতো ৷ এই জাবৰৰ দমৰ পৰা অট্টালিকালৈকে জুই বিয়পি পৰাৰ আশংকাত আতংকিত হৈ পৰে অঞ্চলবাসী ৷ জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ লোৱাৰ আগতেই অঞ্চলবাসীয়ে খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপিত কৰে জুই ৷ জানিব পৰা মতে, ফটকা-আতজবাজিৰ পৰাই সূত্ৰপাত হয় জুইৰ । এই ঘটনাক কেন্দ্ৰ কৰি চহৰখনৰ কালিবাৰী অঞ্চলত মঙলবাৰে নিশা লাগে হুৱা-দুৱা ৷

লগতে পঢ়ক : নগাঁৱৰ ম'হখুলিত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.