ETV Bharat / state

MGNREGA আৰু PHE আঁচনিত ধুবৰীত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : Nov 19, 2021, 2:20 PM IST

ধুবুৰীৰ ভিন্ন স্থানত বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ন পৰ্যবেক্ষণ বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষক সমিতিৰ সঁজাতি দলৰ ৷ এনৰেগা আঁচনি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত কিছু খেলিমেলি হোৱা বুলি উল্লেখ কৰে অধ্যক্ষ ৱাজেদ আলী চৌধুৰীয়ে ৷

এনৰেগা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি ৰূপায়ণত অনিয়ম
বিধায়ক ৱাজেদ আলিৰ ধুবুৰীত বিভিন্ন আঁচনি পৰ্যবেক্ষণ

ধুবুৰী, 19 নৱেম্বৰ : বৃহস্পতিবাৰে ধুবুৰী জিলাৰ কেইবাটাও বিধানসভা সমষ্টিত বিভিন্ন চৰকাৰী আঁচনিৰ বুজ ল’বলৈ উপস্থিত হয় বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষক সমিতিৰ সঁজাতি দল ৷ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা সমিতিৰ অধ্যক্ষতাত যোৱা দলটোত আছিল ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমি, বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক মানৱ ডেকা, বিধায়ক বসন্ত দাস, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী ৷

এনৰেগা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি ৰূপায়ণত অনিয়ম

সাত জনীয়া বিধায়কৰ দলটোৱে বৃহস্পতিবাৰে পুৱাৰ ভাগত ধুবুৰীৰ পূৱ বিলাসিপাৰা সমষ্টি, পশ্চিম বিলাসীপাৰা সমষ্টি, গৌৰীপুৰ আৰু দক্ষিণ শালমাৰাকে ধৰি প্ৰায় আটাইকেইটা সমষ্টিৰ বিভিন্ন অঞ্চলৰ গাঁৱে-ভূঞে প্ৰৱেশ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কপ্তানি আৰু এম জি এনৰেগা আচঁনিকে ধৰি ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ কামৰ অগ্ৰগতি আৰু অনিয়মৰ বুজ লয় ৷

সন্ধিয়াৰ ভাগত ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈ আহাৰ গ্ৰহণ কৰি জিলা উপায়ুক্তকে ধৰি প্ৰশাসনীয় বিষয়া আৰু ধুবুৰীৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজহুৱা হিচাপ পৰীক্ষৰ দলটো ৷ বৈঠকত জিলা খনৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অনিয়ম সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ৷ অৱশ্যে এনৰেগা আঁচনি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত কিছু খেলিমেলি হোৱা বুলি উল্লেখ কৰে অধ্যক্ষ ৱাজেদ আলী চৌধুৰীয়ে ৷

লগতে চাওক : Nimatighat ত পুনৰ ব্ৰহ্মপুত্ৰত পৰিল মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.