ETV Bharat / state

কা বাতিলৰ দাবীৰে বিলাসীপাৰাত প্ৰতিবাদ

author img

By

Published : Oct 20, 2020, 10:40 PM IST

বিলাসীপাৰাত প্ৰতিবাদ
বিলাসীপাৰাত প্ৰতিবাদ

বিলাসীপাৰাৰ মাজপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

বিলাসীপাৰা, 20 অক্টোবৰ: মঙলবাৰে বিয়লি বিলাসীপাৰাৰ মাজপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ উল্লেখ্য যে, সোমবাৰে পশ্চিম বংগত অনুষ্ঠিত বিজেপিৰ এখন দলীয় সভাত ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাই কৰ'ণাৰ বাবে কা প্ৰণয়ন কৰাত বিলম্ব হৈছে বুলি কোৱাকে ধৰি কেতবোৰ আপত্তিজনক মন্তব্য আগবঢ়াইছিল ৷ যাক লৈ মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দল-সংগঠন সৰৱ হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে ৷

কা বাতিলৰ দাবীৰে বিলাসীপাৰাত প্ৰতিবাদ
কা বাতিলৰ দাবীৰে বিলাসীপাৰাত প্ৰতিবাদ

ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি কা’ কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷ কা’ বাতিল নকৰিলে প্ৰয়োজনত প্ৰতিবাদ ইয়াতকৈয়ো অধিক তীব্ৰতৰ কৰি তোলাৰো সকীয়নি প্ৰদান কৰে সংগঠন কেইটাই ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে টীয়কত কৃষক মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.