ETV Bharat / state

Protest in Bilasipara: গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতিক আক্ৰমণ: বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 22, 2022, 7:23 PM IST

GMDJP protest over attack on GMDJP Central president in Bilasipara Dhubri
বিলাসীপাৰাত দল-সংগঠনৰ প্ৰতিবাদ

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতিক দুৰ্বৃত্তৰ আক্ৰমণ । বিলাসীপাৰা মহকুমা আদালতৰ পৰা বিলাসীপাৰা চহৰ অভিমুখে গৈ থকা অবস্থাত দুৰ্বৃত্তৰ আক্ৰমণ । সভাপতিগৰাকীক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিত বিলাসীপাৰাত ৷ ২৪ ঘণ্টাৰ ভিতৰত দুৰ্বৃত্ত গ্ৰেপ্তাৰ কৰিবলৈ দাবী দল সংগঠনৰ (Protest in Bilasipara)।

বিলাসীপাৰাত দল-সংগঠনৰ প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা, 22 ডিচেম্বৰ: দল-সংগঠনৰ প্ৰতিবাদত কপিল সমগ্ৰ ধুবুৰী জিলা ৷ বৃহস্পতিবাৰে বিলাসীপাৰাৰ ৰাজপথত বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী (Protest in Bilasipara)। গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতিক দুৰ্বৃত্তই আক্ৰমণ কৰাক লৈ এই প্ৰতিবাদ (GMDJP Central president) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে মহকুমা আদালতৰ পৰা বিলাসীপাৰা অভিমুখে গৈ আছিল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইন (Sadou Asom Goria Moria Desi Jatiya Parishad) ৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিগৰাকী গৈ থকা অৱস্থাতে এটা দুৰ্বৃত্তৰ দলে আগচি ধৰি উপৰ্যুপৰি তেওঁক আক্ৰমণ কৰে ৷ ভুক্তভোগী শ্বাহনাৱাজ হুছেইনে জনোৱা মতে দুৰ্বৃত্তৰ দলটোত আছিল চাৰিজন সদস্য ৷ যিহেতু আক্ৰমণৰ সময়ত সভাপতিগৰাকীৰ লগত অন্য কোনো লোক উপস্থিত নাছিল সেই সুযোগতে দুৰ্বৃত্তৰ দলটোৱে উপৰ্যুপৰি আক্ৰমণ চলায় (Attack on GMDJP Central president) ৷

পিছত সভাপতিগৰাকীক সংকটজনক অবস্থাত বিলাসীপাৰাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু শ্বাহনাৱাজ হুছেইনৰ অবস্থা সংকটজনক হোৱা হেতুকে পৰবৰ্তী সময়ত বিলাসীপাৰাৰ চিকিৎসালয়ৰ পৰা ধুবুৰীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাৰ পিছত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে শ্বাহনাৱাজ হুছেইনক ।

উল্লেখ্য যে সভাপতিগৰাকীয়ে সংকটজনক অবস্থাতে এই আক্ৰমণৰ লগত জড়িত থকা এজন দুৰ্বৃত্তৰ নাম উল্লেখ কৰিছিল ৷ বাঙালীপাৰাৰ জহিৰুল ইছলাম নামৰ এজন দুৰ্বৃত্তৰ নাম উল্লেখ কৰিছিল শ্বাহনাৱাজ হুছেইনে ৷ কিন্তু বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা নাই জহিৰুল । এই লৈ সৰৱ এতিয়া বিভিন্ন দল-সংগঠন ৷ এটা সংগঠনৰ কেন্দ্ৰীয় সভাপতিক দিনৰ পোহৰত আদালতৰ সন্মুখত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক লৈ বিলাসীপাৰাৰ প্ৰতিটো দল সংগঠন আৰু ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ঘটনাক ধিক্কাৰ আৰু গৰিহণা জনাইছে (GMDJP Protest in Bilasipara) ।

লগতে ৰাজ্য চৰকাৰ তথা প্ৰশাসনক দল-সংগঠনে সকীয়নি প্ৰদান কৰি কয় যে ৬ ঘন্টা সময়ৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে বিলাসীপাৰাৰ লগতে সমগ্ৰ ধুবুৰী জিলা অনিদৃষ্ট কাললৈ বন্ধ কৰি দিয়া হ’ব ।

লগতে পঢ়ক: Adarani Driver Protest : লখিমপুৰত আদৰণি সেৱাৰ চালকৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.