ETV Bharat / state

দক্ষিণ শালমাৰাত ডিগ্ৰী মডেল কলেজৰ আধাৰশিলা স্থাপন

author img

By

Published : Mar 15, 2020, 8:12 PM IST

Updated : Mar 15, 2020, 8:28 PM IST

আধাৰশিলা স্থাপন
আধাৰশিলা স্থাপন

দক্ষিণ শালমাৰাত দেওবাৰে এখন ডিগ্ৰী মডেল কলেজৰ আধাৰশিলা স্থাপন কৰা হয় । দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ টুমনিৰ ৰাজাবালা ভালুককান্দি অঞ্চলত এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক ৱাজেদ আলী চৌধুৰী ।

ধুবুৰী,15 মাৰ্চঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বৃহত্তৰ দক্ষিণ শালমাৰাবাসীৰ বাবে আহিল সু-খবৰ । কাৰণ দেওবাৰে টুমনি অঞ্চলৰ ৰাজাবালা ভালুককান্দিত আধাৰশিলা স্থাপন কৰা হয় এখন ডিগ্ৰী মডেল কলেজৰ । এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ উপস্থিতিত মুখ্য অতিথি হিচাপে জিলা উপায়ুক্ত আতিকা চুলতানাই আধাৰশিলা স্থাপন কৰে । উল্লেখ্য যে,২০১১ চনত ৰাজ্যৰ বিভিন্ন স্থানত মুঠ 12খন ডিগ্ৰী মডেল কলেজ স্থাপন কৰাৰ বাবে চৰকাৰে এক অভিলাষী আঁচনি হাতত লৈছিল । সেইমতে দক্ষিণ শালমাৰৰ উক্ত স্থানত প্ৰথম পৰ্য্যায়ত ৯ কোটিটকীয়া এক আঁচনিৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰা হয় । কলেজখনৰ বাবে অঞ্চলটোৰ মুঠ ৪৬ টা পৰিয়ালে মাটি দান কৰে ।

Foundation stone of degree model college south salmara dhubri assam etv bharat news
ডিগ্ৰী মডেল কলেজৰ আধাৰশিলা স্থাপন

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংসদ আজমলে ভাষণত মাটি দান কৰা সকলক ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে অসম চৰকাৰক সমালোচনা কৰে । আজমলে কয়,"কৰ’ণা ভাইৰাছ এতিয়াহে আহিছে । কিন্তু আমি প্ৰায় 5বছৰ পূৰ্বে কৰণা ভাইৰাছ পাইছো"৷ অনুষ্ঠানটোত উপস্থিত থকা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে নিজৰ ভাষণত ঠিকাদাৰক উদ্দেশ্যি মাটি দান কৰা সকলক কামত সুযোগ প্ৰদানৰ দাবী উত্থাপন কৰে ।

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা অক্ষুণ্ণ

কিন্তু লক্ষণীয় বিষয়,বাঘে-ছাগে একেটা অনুষ্ঠানত দেখা গ’ল দক্ষিণ শালমাৰাত । ২০০৫চনত এ আই ইউ ডি এফ দল গঠন হোৱাৰ পিছৰ পৰা কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰাজনৈতিক শত্ৰু হোৱাৰ বাবে ৱাজেদ আৰু আজমলৰ মাজত ৰাজনৈতিক সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছিল । ইজনে-সিজনক কেৱল পৃথক মঞ্চৰ পৰা সমালোচনা কৰাৰ লগতে কোনেও কাৰো মুখামুখি হোৱা দেখা পোৱা নগৈছিল । কিছুদিন পূৰ্বে দুয়োটা দলৰ মিত্ৰতা ঘোষণা হোৱাৰ পিছত দেওবাৰে প্ৰথমবাৰৰ বাবে একেখন মঞ্চত দেখা যায় ৰাজনৈতিক নেতা দুগৰাকীক ৷ সভাখনত উপস্থিত ৰাইজক উদ্দেশ্যি মিত্ৰতাৰ প্ৰসংগ উপস্থাপন নকৰিলেও ৰাইজৰ আশীৰ্বাদ বিচাৰিলে সাংসদ আজমলে ।

লগতে চাওকঃসন্দেহজনক কৰ'ণাত আক্ৰান্ত যুৱক পলাই আহিল অসমলৈ

Last Updated :Mar 15, 2020, 8:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.