ETV Bharat / state

আৰক্ষীৰ তৎপৰতাত উচ্ছেদ গাঞ্জা খেতি

author img

By

Published : Feb 14, 2021, 11:28 AM IST

ধেনাকুটি গাঁৱত দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে বিনষ্ট কৰে গাঞ্জা খেতি ৷ তদুপৰি এই খেতি কৰা কেৰামত আলী নামৰ ব্যক্তিগৰাকীক কৰায়ত্ত কৰে ৷

গাঞ্জা খেতিৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষীৰ অভিযান:এজনক আটক
গাঞ্জা খেতিৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষীৰ অভিযান:এজনক আটক

ধুবুৰী,14 ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ধেনাকুটি গাঁৱত গাঞ্জা খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ গাঁৱখনৰ বাসিন্দা হাফিজুৰ আলী নামৰ লোকগৰাকীৰ ঘৰত দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ লগতে জুই জ্বলাই বিনষ্ট কৰে এই খেতি ৷ তদুপৰি এই খেতি কৰা কেৰামত আলী নামৰ ব্যক্তিগৰাকীক কৰায়ত্ত কৰে ৷

গাঞ্জা খেতিৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষীৰ অভিযান:এজনক আটক
গাঞ্জা খেতিৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষীৰ অভিযান:এজনক আটক

উল্লেখ্য যে, দক্ষিণ শালমাৰাৰ ভিতৰুৱা চৰাঞ্চলৰ একাংশ লোকে গোপনে দীৰ্ঘদিনৰ পৰা গাঞ্জা খেতি কৰি আহিছে । পূৰ্বতেও স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ সম্প্ৰতি দক্ষিণ শালমাৰা আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:কানাড়া বেংকৰ পৰা 1.50 কোটি টকা হৰলুকিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.