ETV Bharat / state

ক’ভিড পৰিস্থিতিৰ বুজ ল'বলৈ ছাগলীয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : May 25, 2021, 5:32 PM IST

A_GLK_801_25MAY_HIMANTA_PRODIP
ক’ভিড পৰিস্থিতিৰ বুজ ল'বলৈ ছাগলীয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ক’ভিড পৰিস্থিতিৰ বুজ ল'বলৈ ছাগলীয়াত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ভাৰতৰ মানচিত্ৰ চালে অসমৰ স্বাস্থ্য বিভাগক প্ৰথম পুৰস্কাৰ দিয়া হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

গোলকগঞ্জ, 25 মে': ধুবুৰী জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল'বলৈ মঙলবাৰে অসম বংগ সীমান্তৰ ছাগলীয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ লগতে স্বাস্থ্য কৰ্মীৰ লগতো মত বিনিময় কৰে ৷

সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ধুবুৰী জিলাত প্ৰতিদিনে ১৫০ ৰো অধিক ক’ভিড পজিটিভ ৰোগী চিনাক্ত ৷ যিবোৰ ঠাইত ক’ভিড আক্ৰান্তৰ সংখ্যা বেছি হৈছে সেইসকল ঠাইত মাইক্ৰ’ কনটেইন্টমেন্ট জ'ন ঘোষণা কৰা হ’ব ৷ গাওঁ অঞ্চলবোৰত 2 বজাৰ পিছত অব্যাহত থাকিব সান্ধ্য আইন ৷ হোম কোৱেৰেন্টাইন লাহে লাহে বন্ধ কৰা হব ৷

ক’ভিড পৰিস্থিতিৰ বুজ ল'বলৈ ছাগলীয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

যিসকলৰ ঘৰত সুকীয়া কোঠা, শৌচাগাৰ অথবা গা-ধোৱা ঘৰ আছে তেনে লোকক হোম আইচ'লেশ্যনত ৰখাৰ বিপৰীতে যিসকলৰ ঘৰত সুকীয়া কোঠা, শৌচাগাৰ অথবা গা-ধোৱা ঘৰ নাই তেখেত সকলক ক’ভিড কেয়াৰ চেণ্টাৰলৈ পঠোৱা হ’ব । চলিত বৰ্ষত নহ’লে আগন্তুক বৰ্ষৰ প্ৰথম ভাগত ধুবুৰী মেডিকেল কলেজ মুকলি কৰা হ’ব ।

তদুপৰি ভাৰতৰ মানচিত্ৰলৈ চালে অসমৰ স্বাস্থ্য বিভাগক প্ৰথম পুৰস্কাৰ দিয়া হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ অসমৰ পৰা অক্সিজেন নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰলৈ গৈ আছে । তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতি সপ্তাহত দুবাৰকৈ ৮০ মেট্ৰিক টন অক্সিজেন ৰে’ল অসমলৈ পঠাব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷

লগতে পঢ়ক : মুছলপুৰত ক’ভিড শ্মশান নিৰ্মাণক লৈ তীব্ৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.