ETV Bharat / state

ধুবুৰীত চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী

author img

By

Published : Jun 12, 2021, 10:53 PM IST

ড্ৰাগছৰ পাচতে এতিয়া গৰু চোৰাং বেহাৰ বিৰুদ্ধে অভিযান
ড্ৰাগছৰ পাচতে এতিয়া গৰু চোৰাং বেহাৰ বিৰুদ্ধে অভিযান

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে শুকুৰবাৰে নিশা ধুবুৰীৰ পাগলাহাটত আৰক্ষীয়ে অভিযান চলাই 14 টাকৈ গৰু চোৰাং ভাৱে সৰবৰাহ কৰাৰ সময়তে আটক কৰিবলৈ সক্ষম হয় ।

ধুবুৰী,12 জুনঃ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই ড্ৰগাছ মুক্ত এখন অসম গঢ়াৰ বাবে অংগীকাৰ গ্ৰহণ কৰিছিল ৷ তাৰপাচতে ৰাজ্যৰ জিলাই জিলাই আৰক্ষীয়ে অভিযান চলাই প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷

একেদৰে হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ সমান্তৰালভাবে ৰাজ্যত দীৰ্ঘদিনৰ পৰা চোৰাং ভাবে চলি থকা গৰু চিণ্ডিকেট বন্ধ কৰিবলৈ অসম আৰক্ষীক দিছে কঠোৰ নিৰ্দেশ ৷ এই নিৰ্দেশ লাভৰ পাচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে জঁপিয়াই পৰিছে আৰক্ষী প্ৰশাসন ।

ড্ৰাগছৰ পাচতে এতিয়া গৰু চোৰাং বেহাৰ বিৰুদ্ধে অভিযান

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে শুকুৰবাৰে নিশা ধুবুৰীৰ পাগলাহাটত আৰক্ষীয়ে অভিযান চলাই 14 টাকৈ গৰু চোৰাং ভাৱে সৰবৰাহ কৰাৰ সময়তে আটক কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু আৰক্ষী প্ৰশাসন অভিযানৰ প্ৰতি লক্ষ্য কৰি নতুন নতুন কৌশল অৱলম্বন কৰি গৰুৰ চোৰাং বেপাৰীয়ে বাংলাদেশলৈ সৰবৰাহ কৰি গৈছে পশুধন ।

তেনে এক গোপন তথ্যৰ ভিত্তিত পাগলাহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা প্ৰথমে বৰুণডাঙা অঞ্চলৰ পৰা চাৰিটা চোৰাং গৰু জব্দ কৰে ।

তাৰ পাচতে শুকুৰবাৰে মাজ নিশা অসম বংগ সীমান্ত পাৰ কৰি জংঘলৰ মাজেৰে গৈ মৰা গদাধৰ নৈ পাৰ কৰিবলৈ লওঁতেই আৰক্ষীয়ে পুনৰ জব্দ কৰে দহটাকৈ চোৰাং গৰু । এনেদৰেই এতিয়া দিনে নিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী সষ্টম হৈ ড্ৰাগছৰ আৰু চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই গৈছে৷

লগতে পঢ়কঃ "আপোন ঘৰ"-"বিদ্যালক্ষ্মী"য়ে লগাইছে পয়মাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.