ETV Bharat / state

পশু খাদ্যৰ কেলেংকাৰী সন্দৰ্ভত ফকিৰগঞ্জ আৰক্ষী থানাত গোচৰ ৰুজু

author img

By

Published : Jul 8, 2020, 8:52 PM IST

ধুবুৰীৰ পামপাৰা চতলাৰপাৰ গাওঁ পঞ্চায়তত চৰকাৰী সাহায্যৰ নামত অহা পশু খাদ্য বিতৰণত খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা সন্দৰ্ভত পঞ্চায়তৰ সদস্যসহ চাৰিগৰাকী ব্যক্তিৰ বিৰুদ্ধে ফকিৰগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল । আৰক্ষীৰ প্ৰাথমিক অভিযানত জব্দ 61 বস্তা পশু খাদ্য় ৷

case registered due to corruption of supplying cattle food dhubri assam etv bharat news
পশু খাদ্যৰ কেলেংকাৰী সন্দৰ্ভত গোচৰ ৰুজু

ধুবুৰী,8 জুলাই: সম্প্ৰতি বানৰ কবলত পৰি ককবকাই আছে ৰাজ্যবাসী ৷ বানে প্ৰতিখন জিলাৰে প্ৰায়বোৰ অঞ্চল ক্ষতিগ্ৰস্ত কৰাত দেখা দিছে খাদ্য় সংকটে ৷ সেয়ে অসম চৰকাৰৰ উদ্যোগত বানে ধোৱা অঞ্চলসমূহত জন সাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে বিতৰণ কৰা হৈছে খাদ্য সামগ্ৰী ৷ সাধাৰণ লোকৰ বাদেও পশুধনৰ বাবে আগবঢ়োৱা হৈছে পশু খাদ্য ৷ সম্প্ৰতি এই পশু খাদ্য বিতৰণতো ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী জিলাত ৷ জিলাখনৰ পামপাৰ চতলাৰপাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত শেৰশো গাঁৱত এই খেলিমেলি সংঘটিত হোৱাৰ কথা জানিব পৰা গৈছে ৷

প্ৰাপ্ত অভিযোগ অনুসৰি, চৰকাৰে উক্ত গাঁৱৰ নামত পশু খাদ্যৰ বাবে আবণ্টন দিছিল 71 বস্তা চাপৰ ৷ কিন্তু ৱাৰ্ড সদস্য আফজাল আলীৰ লগতে আশকৰ আলী মাষ্টাৰ, ৰমজান আলী আৰু নুৰুল ইছলাম নামৰ তিনিগৰাকী ব্যক্তিয়ে মইমতালিৰে হিতাধিকাৰীসকলক পশু খাদ্য কমকৈ বিতৰণ কৰাৰ লগতে প্ৰায় 25 বস্তা চাপৰ আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কিন্তু ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৱাৰ্ড সদস্য আফজাল আলী ৷ আলীয়ে বিষয়টো পঞ্চায়তখনৰ সভানেত্ৰী আৰু স্বামীৰ পক্ষত এৰি দি এই বিষয়ে সকলো জ্ঞাত বুলি উল্লেখ কৰে । পূৰ্বতে সভানেত্ৰীগৰাকীৰ স্বামীৰ বিৰুদ্ধে কেইবাটাও দুৰ্নীতিৰ গোচৰ ৰুজু হৈছে । কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তেনে এগৰাকী সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে আজিলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ফকিৰগঞ্জ আৰক্ষীয়ে ৷

পশু খাদ্যৰ কেলেংকাৰী সন্দৰ্ভত গোচৰ ৰুজু

আনহাতে,পশু খাদ্য কমকৈ বিতৰণ কৰাৰ সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে স্থানীয় ৰাইজ ৱাৰ্ড সদস্যগৰাকীৰ ঘৰত উপস্থিত হয় যদিও অশ্লীল গালি-গালাজেৰে ৰাইজক দুৰ্বৱ্যহাৰ কৰি খেদি দিয়ে সদস্যগৰাকীয়ে ৷ উপায়হীন ৰাইজে বিষয় প্ৰসংগত পঞ্চায়ত সদস্যসহ চাৰিগৰাকী লোকৰ বিৰুদ্ধে স্থানীয় ফকিৰগঞ্জ আৰক্ষী থানাত এক ৰুজু কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰা নাই ৷

লগতে চাওকঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু কৰ'ণা ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.