ETV Bharat / state

Lok Sabha election 2024: পুনৰ ভূপেন বৰাক হেমামালিনী হৈ নাচিবলৈ প্ৰত্যাহ্বান আজমলৰ

author img

By

Published : May 11, 2023, 8:14 PM IST

AIUDFৰ সৈতে কংগ্ৰেছে মিত্ৰতা নকৰিলে কংগ্ৰেছে হেৰুৱাত তিনিখন লোকসভাৰ আসন (Lok Sabha election 2024) ৷ এই দাবী বদৰুদ্দিন আজমলৰ ৷ হিমন্ত বিশ্ব শৰ্মাক বিজেপি এৰি AIUDF লৈ আহিবলৈও আহ্বান আজমলৰ ৷

Lok Sabha election 2024
Lok Sabha election 2024

কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত কি ক’লে আজমলে?

ধুবুৰী, 11 মে’: 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ক্ৰমাৎ আকৰ্ষণীয় হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বাকযুদ্ধ ৷ বৃহস্পতিবাৰে পুনৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰসংগ লৈ আজমলৰ ৰাজনৈতিক ভৱিষ্যদ্বাণী ৷

এইবাৰ আজমলৰ মন্তব্য, AIUDF ৰ সৈতে মিত্ৰতা নকৰিলে জিকিব নোৱাৰে প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক আৰু গৌৰৱ গগৈ ৷ আজমলে লগতে কয়, ‘‘আমি দেশৰ ভৱিষ্যতৰ চিন্তা কৰি আছোঁ ৷ কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্তৰ পৰা মাহেকীয়া কমিচন লয় ৷ সেইবাবে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও মিত্ৰতা নিবিচাৰে (Congress AIUDF alliance) ৷’’

আনহাতে ভূপেন বৰাক কটাক্ষ কৰি আজমলৰ মন্তব্য, ‘‘ভূপেন বৰাৰ ৰাজনৈতিক জ্ঞান ওৱান পাৰ্চেণ্টো নাই ৷ তেখেত নাজানে যে, এইবাৰ যদি আমাৰ লগত মিত্ৰতা নকৰে তেন্তে তিনিখন আসন হেৰুৱাব ৷ ভূপেন বৰাই যিমানেই গালি পাৰক, এদিন হুচ আহিব ৷ সব কুচ লুটাকে হুচমে আয়গা তো ক্যা হোগা (Badruddin Ajmal slams Bhupen Borah) ৷’’

লগতে আজমলে কয়, ‘‘ভূপেন বৰা এনেকুৱা এজন সভাপতি যি জীৱনত আমি দেখা নাই ৷ ভূপেন বৰাই কোৱা মতে, চৈধ্যখন আসন তেওঁলোকে পাব ৷ চৈধ্যখন আসন তেওঁলোকে ল’লে আমি কি বহি তালি বজাই থাকিম নেকি ? বিজেপিয়ে তালি বজাই থাকিব নেকি ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাই সপোন দেখি আছে ৷’’

আজমলে লগতে দাবী কৰি কয় যে AIUDF য়ে ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জৰ আসন পাব ৷ ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি সন্দৰ্ভত আজমলে কয়, ‘‘হিমন্ত চৰকাৰৰ দুটা বছৰত কোনো উন্নয়ন হোৱা নাই ৷ কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি চলিছে (Ajmal on Himanta Biswa Sarma) ৷’’

লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা বহু বিবাহ বন্ধ প্ৰসংগতো আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মুছলমান সমাজতকৈ অন্য সমাজত বহু বিবাহ বেছি হৈ আছে ৷ কিন্তু সেই সকলৰ ৰেকৰ্ড নাথাকে ৷ কিন্তু মুছলমান সমাজত ৰেকৰ্ড থাকে ৷ নিৰপেক্ষভাৱে তদন্ত কৰিলে মুছলমানতকৈ অন্য ধৰ্মৰ মানুহ বেছিকৈ গ্ৰেপ্তাৰ হ’ব আৰু জে’ললৈ যাব বুলিও মন্তব্য আজমলৰ (Polygamy in Assam) ৷

ইয়াৰ লগতে ৰাজত্ব কৰিবলৈ হ’লে হিন্দু মুছলমানক লৈ চলিবলৈ পৰামৰ্শ দি শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক গুৰুত্ব দিবলৈ আহ্বান জনায় আজমলে ৷ কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিয়ে বেয়াকৈ পৰাজিত হ’ব বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গেৰুৱা বসন খুলি বিজেপিৰ মঞ্চ এৰি আহিলে আজমলে হিমন্তক আদৰণি জনাব বুলিও কয় ৷ আনহাতে পুনৰ হেমামালিনী হৈ গব্বৰ সিং আজমলৰ সন্মুখত নাচিবলৈ ভূপেন বৰাক প্ৰত্যাহ্বান জনালে আজমলে ৷

লগতে পঢ়ক: Congress slams BJP: দুবছৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.