ETV Bharat / state

Congress slams BJP: দুবছৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ

author img

By

Published : May 11, 2023, 4:10 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিলে দুটা বছৰ ৷ শৰ্মা চৰকাৰৰ দুটা বছৰ কাৰ্যকালৰ কাম-কাজক সমালোচনা কংগ্ৰেছৰ ৷ শিৱসাগৰত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত্মক হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ ৷

Congress slams BJP
দুবছৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ

শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালক লৈ কি ক‘লে কংগ্ৰেছে ?

শিৱসাগৰ, 11 মে’: শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, অসম কংগ্ৰেছ বিধায়িনী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লগতে জিলা নেতৃত্ব উপস্থিত থাকি বিজেপি দলৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰীয়া কাৰ্যকাল ধুমধামেৰে উদযাপন কৰাৰ সময়ত দেৱব্ৰত শইকীয়াই বিজেপিৰ বিগত নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷ বিজেপি চৰকাৰৰ প্ৰচাৰ মানসিকতাক তীব্ৰ সমালোচনা কৰি এতিয়াৰ কেন্দ্ৰীয় চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰকো মাহী আইৰ চকুৰে চাই অহা বুলি সমালোচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ বানপানীৰ সাহায্য বিতৰণৰ তথ্য সদৰী কৰে (Debabrata Saikia slams BJP) ৷

ইয়াৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনি,অনুমোদিত পুঁজি আৰু ইয়াৰ ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ লাখ কোটি টকাৰ ধাৰত পোত যোৱা চৰকাৰে এতিয়াও ৰাইজক সকাহ দিয়াৰ সলনি চৰকাৰী পুঁজি অবাবদ ব্যয় কৰা বুলি অভিযোগ আনে দেৱব্ৰত শইকীয়াই ৷

আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে চিকিৎসা, শিক্ষা, আন্তঃৰাজ্যিক সীমা আদিকে কৰি বিভিন্ন বিষয়ৰ প্ৰশ্ন উত্থাপন কৰি এই দিশত বিজেপি চৰকাৰ ব্যৰ্থ বুলি দাবী কৰে ৷ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নত ব্যৰ্থ হোৱা চৰকাৰে গুণোৎসৱ পতাৰ অধিকাৰ ক’ত বুলি তেওঁ প্ৰশ্ন কৰে (Two years of Himanata govt) ৷

লগতে তেওঁ কয় যে, চিকিৎসা মহাবিদ্যালয় ঘোষণা কৰাৰ সলনি চিকিৎসা মহাবিদ্যালয়সমূহ ৰাইজে পাব পৰা সুবিধা অনুসৰি প্ৰতিষ্ঠা কৰিবলৈ আহবান জনায় ৷ সেইদৰে তেওঁ অসমৰ সীমা সমস্যাৰ সমাধান কৰি অৰুণাচল, নগালেণ্ড, মিজোৰাম আদি ৰাজ্যই দখল কৰা মাটি মোকলাবলৈ দাবী কৰে ৷

সেইদৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ঘাটোৱাৰে (Pawan Singh Ghatowar) ধাৰত পোত যোৱা চৰকাৰখনে কেৱল হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়ন স্থৱিৰ কৰা বুলি অভিযোগ আনে ৷ তেওঁ কয় যে, নীতি আয়োগৰ পৰিসংখ্যা অনুসৰি অসমৰ স্থান তলৰ পৰা ছয় নম্বৰ ৷ শিক্ষা, স্বাস্থ্য, উদ্যোগ, বিদ্যুৎ আদি বিভিন্ন দিশত অসমৰ স্থান এতিয়াও পুতৌজনক বুলি তেওঁ সমালোচনা কৰি বিজেপি দলে দাবী কৰা ধৰণে অসম দেশৰ ভিতৰত পাঁচখন ৰাজ্যৰ ভিতৰত কেতিয়া অন্তৰ্ভুক্ত হ’ব বুলি তেওঁ ৰাজ্য চৰকাৰক প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: Assam politics: মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক গ’লপোষ্টক লৈ বিৰোধীৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.