ETV Bharat / state

ধুবুৰী ফুলবাৰী দলঙৰ নির্মাণকাৰ্যৰ বুজ ল'লে সাংসদ বদৰুদ্দিন আজমলে

author img

By

Published : Sep 5, 2022, 1:19 PM IST

Azmal
Azmal

পূৰ্ণগতিত চলি আছে ধুবুৰী-ফুলবাৰী দলঙৰ নির্মাণকাৰ্য (Dhubri Phulbari bridge construction)। কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ উপস্থিত সাংসদ বদৰুদ্দিন আজমল (Badaruddin Azmal visited Dhubri Phulbari bridge) ।

ধুবুৰী, ৫ ছেপ্টেম্বৰ : পূৰ্ণ গতিত চলি আছে ধুবুৰী-ফুলবাৰী দলঙৰ নির্মাণকাৰ্য (Construction of Dhubri Phulbari bridge) । সোমবাৰে নির্মাণৰত ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল'বলৈ গৈ দলং নিৰ্মাণস্থলীত উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল (Badaruddin Azmal visited Dhubri Phulbari bridge site) । দলং নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি এক প্ৰকাৰ উৎফুল্লিত হৈ পৰে বদৰুদ্দিন আজমল ।

উল্লেখ্য যে এছিয়াৰ ভিতৰতে সৰ্বাধিক দৈৰ্ঘ্যৰ (Longest bridge of Asia Dhubri Phulbari bridge) দলংখনৰ নিৰ্মাণকাৰ্য চলি আছে ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত (Dhubri Phulbari bridge on Brahmaputra) । ধুবুৰীৰ পৰা ফুলবাৰীলৈ প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নির্মাণকাৰ্য বৰ্তমান পূৰ্ণ গতিত চলি আছে । আনহাতে, আজি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে দলং নিৰ্মাণৰ ঠিকা লাভ কৰা এল এণ্ড টি কোম্পানীৰ বিষয়ববীয়াসকলৰ সৈতেও এক আলোচনাত মিলিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয় (L and T construction Dhubri Phulbari bridge) ।

তাৰ পিছতেই দলঙৰ নিৰ্মাণকাৰ্য চলি থকা ব্ৰহ্মপুত্ৰৰ বুকুত গৈ উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল । একাংশ দলীয় বিধায়ক আৰু এল এণ্ড টি কোম্পানীৰ বিষয়ববীয়াক লগত লৈ দলং নিৰ্মাণৰ কামৰ ক্ষেত্ৰভিত্তিক বুজ লয় সাংসদ আজমলে । নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পিছত দলংখনৰ নিৰ্মাণকাৰ্য প্ৰায় ১২ শতাংশ ইতিমধ্যে সম্পন্ন হোৱাৰ বিপৰীতে ২০২৮ চনত দলংখনৰ নির্মাণ সম্পন্ন হ'ব বুলি উল্লেখ কৰে সাংসদ বদৰুদ্দিন আজমলে ।

আনহাতে, এল এণ্ড টি কোম্পানীয়ে জনোৱা মতে, ইতিমধ্যে ধুবুৰী এলেকাৰ মুঠ ৪৯২ টা খুঁটাৰ ভিতৰত ৪০৫ টাৰ নিৰ্মাণকাৰ্য সম্পন্ন হৈছে । আনপিনে ফুলবাৰী এলেকাৰ মুঠ ৩৮৬ টা খুঁটাৰ ভিতৰত ২০ টা খুঁটাৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পন্ন হৈছে । দলংখনৰ নির্মাণকাৰ্যৰ বুজ ল'বলৈ উপস্থিত হোৱা সাংসদ আজমলে কামৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য কৰি সন্তুষ্ট হোৱা পৰিলক্ষিত হয় ।

লগতে উক্ত দলংখনৰ নির্মাণকাৰ্য সম্পন্ন হোৱাৰ পিছত অসম আৰু মেঘালয়ৰ মাজত সংযোগ স্থাপন সহজ হোৱাৰ লগতে ইয়াৰ দ্বাৰা লাখ লাখ লোক উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে সাংসদ বদৰুদ্দিন আজমলে (Dhubri MP Badaruddin Azmal) ।

লগতে পঢ়ক :etv comment image কৃত্ৰিম বানত বুৰিল জোনাইৰ কেবাটাও অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.