ETV Bharat / state

Allegation of harassment: ধুবুৰীত সমাজ কল্যাণ বিষয়াৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

author img

By

Published : Mar 31, 2023, 7:27 PM IST

Allegation of threatening
FIR against govt officer in Dhubri

ধুবুৰীত দুটা পক্ষৰ মাজত অভিযোগ প্ৰতিঅভিযোগৰ যুঁজ ৷ এগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে এজন চিকিৎসকে তুলিছে মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ ৷ একেদৰে বিষয়াগৰাকীয়েও চিকিৎসকজনৰ বিৰুদ্ধে তুলিছে ভাবুকি প্ৰদানৰ অভিযোগ (Allegation of threatening) ৷

সমাজ কল্যাণ বিষয়াৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

ধুবুৰী, 31 মাৰ্চ: ধুবুৰীত এগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে মহিলা কৰ্মচাৰীক অভব্য আচৰণ আৰু অশ্লীল ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ । মহিলাগৰাকীৰ ওপৰত দীৰ্ঘ দিনে চলি অহা মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি তেওঁৰ চিকিৎসক স্বামীয়ে ধুবুৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে । ইফালে চৰকাৰী বিষয়াক ভাবুকি প্ৰদান কৰাৰ অভিযোগত চিকিৎসকজনৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত পৃথকে এখন এজাহাৰ দাখিল কৰে চৰকাৰী বিষয়াগৰাকীয়ে । পৃথক অভিযোগৰ ভিত্তিত দুজন ব্যক্তিয়ে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল কৰা বিষয়টোৱে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত (Allegation against govt official)।

উল্লেখ্য যে, যোৱা 28 মাৰ্চৰ নিশা 9 মান বজাত ধুবুৰী জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য বৰুৱাক ভাৰাঘৰতে ভাবুকি দিয়াৰ অভিযোগ উঠিছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷ এই সন্দৰ্ভত ধুবুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাই । ভাৰাঘৰত ভাবুকি দিয়াৰ ভিত্তিত জিলা উপায়ুক্তৰ অনুমতি সাপেক্ষে সূৰ্য বৰুৱা নামৰ বিষয়া গৰাকীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে (FIR against govt officer in Dhubri)।

ইপিনে, সূৰ্য বৰুৱা নামৰ বিষয়াগৰাকীৰ বিৰুদ্ধে গৌৰীপুৰ ধৰ্মশালা আই চি ডি এছৰ এগৰাকী চুপাৰভাইজৰক দীর্ঘদিনৰে পৰা মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ উপৰিও অশ্লীল ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত মহিলা কৰ্মচাৰী গৰাকীৰ চিকিৎসক স্বামীয়ে সূৰ্য বৰুৱাৰ বিৰুদ্ধে বৃহস্পতিবাৰে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । ইয়াৰ পিচতেই বিয়লিৰ ভাগত চিকিৎসকগৰাকীয়ে নিজা বাসগৃহত এখন সংবাদমেল আয়োজন কৰি চৰকাৰী বিষয়াগৰাকীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে (Dhubri social welfare department)।

চিকিৎসক গৰাকীয়ে বিষয়া গৰাকীক উদ্দেশ্যি কয়, ‘‘এগৰাকী ভাৰপ্ৰাপ্ত বিষয়াই একেখন জিলাত সুদীৰ্ঘ প্ৰায় বিশ বছৰ কাল কিদৰে নিযুক্ত হৈ থাকিব পাৰে । ইয়াত কি স্বাৰ্থ থাকিব আছে ?’’ ইপিনে বিগত দিনত কমেও সাত বাৰকৈ বদলি হোৱা চৰকাৰী বিষয়া সূৰ্য বৰুৱাই কাৰ আশীৰ্বাদত আৰু কাক মেনেজ কৰি বদলিকৰণ স্থগিত কৰে তাকলৈও প্ৰশ্ন উত্থাপন কৰা হয় সংবাদমেলখনত (FIR against doctor in Dhubri)।

লগতে, সূৰ্য বৰুৱাই বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যপক দুৰ্নীতি সংঘটিত কৰাৰ বিপৰীতে একাংশ লোকক দালাল হিচাপে ব্যৱহাৰ কৰি ব্যাপক লুণ্ঠন চলাই আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে চিকিৎসকজনে । মহিলা কৰ্মচাৰীগৰাকীক বিভিন্ন প্ৰকাৰে প্ৰায়েই মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগৰ লগতে অন্যায়ভাৱে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰি অহাৰো গুৰুতৰ অভিযোগ তোলা হয় সংবাদমেলত । মানসিক নিৰ্যাতনৰ বলি হৈ কিছুদিন পূৰ্বে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ বিপৰীতে বিভাগীয় কৰ্তৃপক্ষলৈ লিখিত অভিযোগো দাখিল কৰে নিৰ্যাতিত মহিলা কৰ্মচাৰীগৰাকীয়ে ।

ইপিনে বুধবাৰে পুনৰ ধুবুৰী সদৰ আৰক্ষী থানাত আন এখন এজাহাৰ দাখিল কৰে নিৰ্যাতিত মহিলা কৰ্মচাৰীগৰাকীয়ে । তদুপৰি সূৰ্য বৰুৱা নামৰ বিষয়া গৰাকীয়ে বিভিন্ন সময়ত নিজকে প্ৰাক্তন আলফা অথবা ছালফা বুলি ভাবুকি প্ৰদান কৰি অহাৰো দাবী কৰি যোৱাকালি নিশাও তেনেদৰে চিকিৎসক গৰাকীক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে । লগতে প্ৰাক্তন আলফা ছালফাৰ ভয় দেখুৱাই তেওঁৰ চকী কোনেও লৰাব নোৱাৰে বুলিও সূৰ্য বৰুৱাই দম্ভালি মাৰি ফুৰা বুলি চিকিৎসক গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক: Protest against municipality tax hike: অত্যাধিক পৌৰ কৰৰ বিৰোধিতাৰে টীয়কত গণ বিক্ষোভ

ইফালে সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাই এই অভিযোগ সম্পূৰ্ণ ৰূপে নস্যাৎ কৰিছে ৷ তেওঁ কয় যে, মহিলাগৰাকীৰ বিভাগীয় কাম-কাজত মন নাই আৰু তেওঁৰ স্বামীয়ে প্ৰায়েই কামত হস্তক্ষেপ কৰে ৷ বিভাগীয় পৰিকাঠামো অনুসৰি মহিলাগৰাকীয়ে কাম সম্পাদন নকৰাৰ বাবেই তেওঁক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা বুলি উল্লেখ কৰে বৰুৱাই ৷ অৱশ্যে দুয়ো পক্ষই পৃথক অভিযোগৰ ভিত্তিত ৰুজু কৰা গোচৰৰ পিচত আৰক্ষীয়ে কি ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলায় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.