ETV Bharat / state

আজমলে কৈছে ভূপেন বৰা হেনো পাগল, মুখ্যমন্ত্ৰীয়েও হিন্দী-ইংৰাজী ক’ব নাজানে

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 9:44 PM IST

Bhupen Borah Badruddin Ajmal
ভূপেন বৰাক পাগল আখ্যা বদৰুদ্দিন আজমলৰ

AIUDFৰ লগত হাত নিমিলোৱাৰ বাবেই ভূপেন বৰাক এইবাৰ পাগল আখ্যা দিলে বদৰুদ্দিন আজমলে ৷ আজমলৰ লগ লাগিলেহে লোকসভাত 6-7খন আসন পাব বুলি মন্তব্য সাংসদগৰাকীৰ ৷ ইফালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়ো হিন্দী-ইংৰাজী ভালকৈ ক’ব নাজানে বুলি ক’লে বদৰুদ্দিন আজমলে ৷

ভূপেন বৰাক পাগল আখ্যা বদৰুদ্দিন আজমলৰ

বিলাসীপাৰা, 10 ডিচেম্বৰ : ইণ্ডি এলায়েন্সত এ আ ইউ ডি এফক চামিল নকৰাৰ পাচতে সংঘাত অব্যাহত আছে অসম কংগ্ৰেছৰে আজমল শিবিৰৰ ৷ বদৰুদ্দিন আজমলে বিচাৰি আছে যে কংগ্ৰেছে এ আই ইউ ডি এফক আঁকোৱালি লওক সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ৷ কিন্তু অসম কংগ্ৰেছ তথা ভূপেন বৰাই সেয়া কৰা নাই ৷ ফলত ভূপেন বৰাৰ প্ৰতি প্ৰায়েই কঠোৰ বাক্যবাণ নিক্ষেপ কৰিবলৈ লৈছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ৷

দেওবাৰে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰাত অনুষ্ঠিত এ আই ইউ ডি এফৰ এক সভাত ভূপেন বৰাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিল বদৰুদ্দিন আজমল ৷ বিৰূপ মন্তব্যৰ সীমা অতিক্ৰম কৰি বদৰুদ্দিন আজমলে ৰাজহুৱা সভাত মুকলিকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ‘পাগল’ আখ্যা দিয়ে ৷

ভাষণত বদৰুদ্দিন আজমলে কয় যে ভূপেন বৰা ‘পাগল’ ৷ ভূপেন বৰাই কংগ্ৰেছক অসমত শেষ কৰিহে এৰিব বুলি মন্তব্য কৰি আজমলে কয় যে এ আই ইউ ডি এফৰ লগত মিত্ৰতা নকৰিলে কংগ্ৰেছে লোকসভা নিৰ্বাচনত এখনো আসন নাপাব ৷ দলটোৰ সৈতে হাত মিলালে দুয়ো দল মিলি অসমত ৬ পৰা ৭ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে ৷ ফলত অসমৰ পৰা বিজেপিয়ে বিদায় ল’ব বুলি এ আই ইউ ডি এফ প্ৰধানগৰাকীয়ে মন্তব্য কৰে ৷

আনহাতে সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও আক্ৰমণাত্মক হোৱা দেখা গ’ল বদৰুদ্দিন আজমলক ৷ বিজেপিয়ে মিঞাৰ ভোট নালাগে বুলি কৈ অহাৰ প্ৰসংগত আজমলে কয় যে মিঞা তথা মুছলমান সমাজে বিজেপিক এশ বছৰতো ভোট নিদিয়ে ৷ তদুপৰি হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ 5 ৰাজ্যৰ নিৰ্বাচনৰ নিৰ্বাচনী সভাত উপস্থিত থাকি অসমত ৭০০ মাদ্ৰাছা বন্ধ কৰি দিয়া বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজমলে ।

সাংসদ আজমলে কয় যে অসমত এখনো মাদ্ৰাছা বন্ধ হোৱা নাই ৷ আনহাতে মুখ্যমন্ত্ৰী হৈয়ো হিমন্ত বিশ্ব শৰ্মাই ভালকৈ হিন্দী-ইংৰাজী ক’ব নাজানে বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰে ৷

লগতে পঢ়ক : মিত্ৰতা নকৰালৈকে হাৰিয়েই থাকিব কংগ্ৰেছ : বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.